Page Nav

HIDE

আই পি এল: ছুপাৰ অভাৰত পাঞ্জাৱৰ বিৰুদ্ধে দিল্লীৰ জয়

  ডুবাই,২১ ছেপ্টেম্বৰ: ইউএইত চলি থকা ১৩সংখ্যক আই পি এলৰ দ্বিতীয়খন মেচত পাঞ্জাৱৰ বিৰুদ্ধে দিল্লীয়ে জয় লাভ কৰিছে। ডুবাইত অনুষ্ঠিত হোৱা মেচখনত ...


 ডুবাই,২১ ছেপ্টেম্বৰ: ইউএইত চলি থকা ১৩সংখ্যক আই পি এলৰ দ্বিতীয়খন মেচত পাঞ্জাৱৰ বিৰুদ্ধে দিল্লীয়ে জয় লাভ কৰিছে। ডুবাইত অনুষ্ঠিত হোৱা মেচখনত দিল্লীয়ে চুপাৰ অভাৰত কেৱল তিনি ৰান সংগ্ৰহ কৰিয়ে পাঞ্জাৱৰ বিৰুদ্ধে জয় লাভ কৰে। চুপাৰ অভাৰত কিংছ ইলেভেন পাঞ্জাৱে প্ৰথমে বেটিং কৰিবলৈ আহি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কেৱল দুই ৰান সংগ্ৰহ কৰে। দলটোৱে দিল্লীৰ বিৰুদ্ধে দুটা উইকেট হেৰুৱাই দুই ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ চুপাৰ অভাৰত বল কৰি আছিল কাগিছো ৰৱাডা। তেওঁৰ বলত পাঞ্জাৱৰ হৈ কে এল ৰাহুলে দুই ৰান সংগ্ৰহ কৰে। তিনি ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা দিল্লী দলটোৱে চুপাৰ অভাৰত সহজে জয় লাভ কৰে আৰু চলিত আই পি এলৰ প্ৰথমখন মেচতে জয়ৰ সোৱাদ লাভ কৰে। পাঞ্জাৱৰ হৈ মহম্মদ স্বামীয়ে বল কৰে। স্বামীয়ে এটা বল ৱাইড পেলাই আৰু ইয়াৰ পিছত দিল্লীৰ হৈ ঋষভ পন্টে দুই ৰান সংগ্ৰহ কৰি দলটোক জয়ী কৰোৱাই।উল্লেখ্য যে দেওবাৰৰ নিশা আই পি এলৰ দ্বিতীয়খন মেচত দিল্লীয়ে প্ৰথমে বেটিং কৰিবলৈ আহি ২০অভাৰত আঠটা উইকেট হেৰুৱাই পাঞ্জাৱৰ বিৰুদ্ধে ১৫৭ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত পাঞ্জাৱেও ২০অভাৰত আঠটা উইকেট হেৰুৱাই ১৫৭ৰান সংগ্ৰহ কৰে। পাঞ্জাৱ দলৰ হৈ মায়ংক আগৰৱালে ৬০টা বলত ৮৯ৰান সংগ্ৰহ কৰে কিন্তু দলটোক জিকাবলৈ এক ৰানৰ প্ৰয়োজন থাকোটেতেই আউট হয়। অন্তিমটো অভাৰত পাঞ্জাৱে ছয়টা বলত ১৩ৰান সংগ্ৰহ কৰে। মায়ংক আগৰৱালে প্ৰথম তিনিটা বলত ১২ৰান সংগ্ৰহ কৰাৰ পিছতো দলটোৱে জয়ী হ'ব নোৱাৰে। দিল্লীৰ হৈ মাৰ্কছ ষ্টোইনিছে অন্তিম দুটা দলত মায়ংক আগৰৱালা আৰু ক্ৰিছ জাৰ্ডনক আউত কৰাই আৰু মেচখন চুপাৰ অভাৰলৈ লৈ যায়।