Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যত নৱেম্বৰলৈ আলু-পিঁয়াজৰ দাম কমাৰ আশা ক্ষীণঃ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে দিলে ইংগিত

  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ ছেে›I×ম্বৰ ঃ আলু-পিঁয়াজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত আজি অসম চেম্বাৰ অৱ কমাৰ্চৰ...

 

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ ছেে›I×ম্বৰ ঃ আলু-পিঁয়াজৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত আজি অসম চেম্বাৰ অৱ কমাৰ্চৰ বিষয়ববীয়াৰ সৈতে অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী এক বৈঠকত মিলিত হয়। জনতা ভৱনত অনুষ্ঠিত উক্ত বৈঠকত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আলু আৰু পিঁয়াজৰ দাম নৱেম্বৰলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা ক্ষীণ বুলি উল্লেখ কৰে। মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে উল্লেখ কৰে যে আলু আৰু পিঁয়াজৰ উৎসতে দাম বৃদ্ধি হৈছে, গতিকে ৰাজ্যত নৱেম্বৰ মাহলৈকে আলু আৰু পিঁয়াজৰ দাম হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই। উল্লেখ্য যে প্ৰতিবছৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা আলু-পিঁয়াজৰ দাম বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। ৰাজ্যত কৃত্ৰিম নাটনি দেখুৱাই এই সময়ছোৱাত অসাধু ব্যৱসায়ীসকলে আলু-পিঁয়াজৰ দাম বৃদ্ধি ঘটাই লুণ্ঠনত নামি পৰে। এইক্ষেত্ৰত যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ইতিমধ্যে ৰাজ্যৰ বজাৰসমূহ মধ্যভোগীৰ হাতোৰাত বন্দী হৈছে। এই মধ্যভোগীৰ জৰিয়তে বজাৰসমূহত ছিণ্ডিকেটৰাজেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ঘটাই সৰ্বসাধাৰণ ৰাইজক ৰামটাঙোন শোধাই আহিছে।  নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে যোগান বিভাগে। দৈনিক বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। কেৱল নিৰ্দেশনা জাৰি কৰিয়েই দায়িত্ব সামৰিছে যোগান বিভাগে। অসম চেম্বাৰ অৱ কমাৰ্চে আজি প্ৰয়োজনীয় খাদ্য-সামগ্ৰী যোগান আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী উত্থাপন কৰে।


No comments