Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কোৰোনা মহামাৰীৰ মাজত মেছিৰ উপাৰ্জন ৯২৪কোটি টকাঃ ২০১৯ৰ তুলনাত ৭ কোটি টকাৰ উপাৰ্জন হ্ৰাস

   লণ্ডন,২১ ছেপ্টেম্বৰ: শেহতীয়াভাৱে স্পৰ্টছ মেগাজিন ফোর্বছে ২০২০ত সবাতোকৈ অধিক ধন উপাৰ্জন কৰা ফুটবল খেলুৱৈৰ এখন তালিকা জাৰি কৰে। এই তালিকাত ...

  


লণ্ডন,২১ ছেপ্টেম্বৰ: শেহতীয়াভাৱে স্পৰ্টছ মেগাজিন ফোর্বছে ২০২০ত সবাতোকৈ অধিক ধন উপাৰ্জন কৰা ফুটবল খেলুৱৈৰ এখন তালিকা জাৰি কৰে। এই তালিকাত আৰ্জেন্টিনাৰ লিয়োনেল মেছিয়ে ৯২৪কোটি টকা উপাৰ্জনৰে একেৰাহে দ্বিতীয়বৰ্ষলৈ তালিকাৰ প্ৰথম স্থানত আছে। কোৰোনা মহামাৰীৰ বাবে বিগত বৰ্ষৰ তুলনাত সাত কোটি টকা কমকৈ উপাৰ্জন হৈছে চলিত বৰ্ষত। আনহাতে পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডৱে ৮৫৮কোটি টকা উপাৰ্জনৰে দ্বিতীয় স্থানত আছে। কিন্তু কোৰোনা মহামাৰীৰ বাবে তেওঁৰ উপাৰ্জন বিগত বৰ্ষৰ তুলনাত ৫৯কোটি টকা হ্ৰাস পাইছে। একেদৰে ব্ৰাজিলৰ নেইমাৰে ৭০৪কোটি টকা উপাৰ্জনৰে তালিকাৰ তৃতীয় স্থানত আছে। বিগত বৰ্ষৰ তুলনাত ৬৬কোটি টকা উপাৰ্জন হ্ৰাস পাইছে।


No comments