Page Nav

HIDE

খাকী পোছাকৰ আঁৰৰ কু-কীৰ্তি ফাদিলঃ প্ৰাক্তন ডিআইজি পি কে দত্তৰ সাম্ৰাজ্যত চিআইডিৰ অভিযান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ  ইটোৰ পিছত সিটোকৈ জালিয়াতিৰ বিস্ফোৰক তথ্য ফাদিল হৈছে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদক লৈ  গঢ়ি উঠা ক’লা বজাৰৰ বৃহৎ তথ...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ ইটোৰ পিছত সিটোকৈ জালিয়াতিৰ বিস্ফোৰক তথ্য ফাদিল হৈছে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদক লৈ  গঢ়ি উঠা ক’লা বজাৰৰ বৃহৎ তথ্য পোহৰলৈ আহিছে। ধনৰ বিনিময়ত মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত হৈছিল পৰীক্ষাৰ এদিন পূৰ্বেই আখৰা। থেংক ইউ লজৰ এই বৃহৎ চক্ৰৰ তথ্য উন্মোচিত হোৱাৰ সময়তে এইবাৰ এই ক’লা বজাৰখনৰ খলনায়কত পৰিণত হৈছে প্ৰাক্তন ডি আই জি প্ৰশান্ত কুমাৰ দত্ত, সংক্ষেপে পি কে দত্ত। এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ছত্ৰছায়াতেই অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ মুকলি বজাৰ গঢ়ি উঠিছিল। খাকী পোছাকৰ আঁৰৰ কু-কীৰ্তি ফাদিল হৈছে। প্ৰাক্তন ডিআইজি পি কে দত্তৰ সাম্ৰাজ্যত কালি নিশাৰে পৰাই চিআইডি আৰু অপৰাধ অনুসন্ধান শাখাৰ হাতোৰা পৰিছে। হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা দত্তৰ বৃহৎ অট্টালিকাত কালি নিশা ৮ ঘণ্টাজোৰা অভিযানৰ পিছত আজি পুনৰবাৰ এটা চিআইডিৰ বৃহৎ দল উপস্থিত হয়। অভিযানকাৰী দলটোৱে প্ৰাক্তন ডিআইজিৰ আৱাসত তালাচী চলাই বহু নথি-পত্ৰ জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়াৰ নামত ক’লা বজাৰ গঢ়ি তুলি অগাধ সম্পত্তিৰ গৰাকী হৈ পৰা পি কে দত্তই এতিয়া গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰিছে। পি কে দত্তই বাসগৃহই নহয়, প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ পত্নীৰ মালিকানাধীন ভাৰ্গৱ গ্ৰেণ্ডতো অভিযানকাৰী দলটোৱে তালাচী চলায়। গণেশগুৰিস্থিত ভাৰ্গৱ গ্ৰেণ্ড আৰু উপাসনা প্লাজাত ক্ৰাইম ব্ৰান্সৰ অভিযানত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। হোটেলখনত ১৭-১৯ ছেপ্টেম্বৰলৈ অহা-যোৱা কৰা লোকৰ তথ্য সংগ্ৰহ কৰে যদিও নথি-পত্ৰত ভয়ংকৰ বেমেজালি ধৰা পৰে। হোটেললৈ অহা লোকৰ নাম-ঠিকনা পঞ্জীয়ন কৰা হোৱা নাছিল। আনকি ২০১৫ চনৰ পৰাই বিকল হৈ আছে চিচি টিভি কেমেৰা। ভাৰ্গৱ হোটেলৰ কোঠাতেই আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদ ১০-১৫ লাখ টকাত বিক্ৰী হৈছিল। ধনৰ বিনিময়ত নিযুক্তি প্ৰদান কৰি এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ সম্পত্তিৰ ক’লা সাম্ৰাজ্য গঢ়ি তুলিছিল। অভিযানকাৰী দলটোৱে পŒটন বজাৰ, গণেশগুৰি, বেতকুছি আৰু লখৰাত থকা ভাৰ্গৱ গ্ৰেণ্ডত অভিযান চলায়। অভিযান কালত বহু ভয়ংকৰ তথ্য পোহৰলৈ আহে। এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ আন কেতবোৰ চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে। নিযুক্তি কিম্বা ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড আছিল দত্ত। চাকৰিকালত চুপাৰি, কয়লা ছিণ্ডিকেটেৰে বৃহৎ সম্পত্তিৰ পাহাৰ গঢ়িছিল। গুৱাহাটীত কে’বাখনো হোটেল গঢ়াৰ লগতে হেঙেৰাবাৰীত আছে দত্তৰ বিশাল অট্টালিকা। কেৱল এয়াই নহয়, ডিব্ৰুগড়ত বৃহৎ সম্পত্তি ক্ৰয় কৰাৰ লগতে উজনি অসমৰ কে’বাটাও স্থানত শ শ বিঘা ভূমি আছে দত্তৰ নামত। চুপাৰি, কয়লা ছিণ্ডিকেটেৰে পি কে দত্তই চাকৰিকালত কোৰোণাৰে ধন ঘটিবলৈ সক্ষম হৈছিল। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তিৰ এই ক’লা বজাৰত প্ৰাক্তন আৰক্ষী বিষয়া দত্তৰ নাম সাঙোৰ খোৱা বিষয়টোৱে এতিয়া নতুন মূৰ লৈছে। দত্তৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। উল্লেখ্য যে ইতিমধ্যে উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলত জড়িত থকাৰ অভিযোগত সাতজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোককেইজনক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে। ইপিনে এছটিএফৰ কৰ্মচাৰী সঞ্জীৱ শৰ্মাৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বহু প্ৰশ্নকাকত জব্দ কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে প্ৰশ্নকাকত ফাদিলৰ এই ভয়ংকৰ কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰিছে বিজেপিৰ যুৱ নেতা দিবন ডেকাৰ। এতিয়া আত্মগোপন কৰিছে দিবন ডেকাই। অসম আৰক্ষীৰ প্ৰশ্নকাকত প্ৰিণ্টিঙৰ ঠিকা লাভ কৰিছিল দিবন ডেকাই। একমাত্ৰ বিজেপি নেতা হোৱাৰ বাবেই দিবন ডেকা সাৰি যাব নেকি- সিয়ে এতিয়া চৰ্চা লাভ কৰিছে।