Page Nav

HIDE

সাপেখাতীৰ নগাহাট-কলাকটা গোহাঁই গাঁৱৰ সংযোগী পথ নিৰ্মাণত ঠিকাদাৰৰ ব্যাপক দুৰ্নীতি অতিষ্ঠ স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ।

গণ বাৰ্তা, সাপেখাতী,২৮ছেপ্টেম্বৰ :   চৰাইদেউ জিলাৰ ১২৬ নং সোণাৰি বিধান সভা সমষ্টিত বি জে পি চৰকাৰৰ স্বচ্ছ আৰু নিকা শ্লোগানক অসাৰ প্ৰতিপন্ন ক...


গণ বাৰ্তা, সাপেখাতী,২৮ছেপ্টেম্বৰ :   চৰাইদেউ জিলাৰ ১২৬ নং সোণাৰি বিধান সভা সমষ্টিত বি জে পি চৰকাৰৰ স্বচ্ছ আৰু নিকা শ্লোগানক অসাৰ প্ৰতিপন্ন কৰি সমষ্টিটোত চৰকাৰী আচনিত ব্যাপক দুৰ্নীতি -অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। স্হানীয় জনপ্ৰতিনিধি নৱনীতা সন্দিকৈৰ দুৰ্ৱলতাৰ সুযোগ গ্ৰহণ কৰি সোৱে-বাঁওয়ে তোষামোদ ৰূপত অৱতীৰ্ণ হোৱা একাংশ দুৰ্নীতি পৰায়ন ঠিকাদাৰে সমষ্টিটোৰ বাট-পথৰ উন্নয়নৰ নামত অহা টকা হৰলুকী কৰি আহিছে।এনে এক  পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হৈছে সাপেখাতী মৌজাৰ অসম-অৰুণাচল সীমান্তবৰ্তী আহুখাট গাওঁ পঞ্চায়তত।উল্লেখযোগ্য যে অসম চৰকাৰৰ তদানীন্তন শক্তি মন্ত্ৰী ও গড়কাপ্তানিক মন্ত্ৰী তথা সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈয়ে ২৬ অক্টোবৰ ২০১৮ চনত ৰাজ্যিক স্ব উন্নয়ন পুজি (এছ ও পি ডি)আচনিৰ অধিনত নগাহাট-মৰাণহাবি সংযোগী গড়কাপ্তানিক পথটিৰ আধাৰশিলা স্হাপন কৰে। নিবিদাৰ জড়িয়তে পথটোৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰে গুৱাহাটীৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ শিৱ হালালকাই লাভ কৰে।স্হানীয় লোকে অভিযোগ উত্থাপিত কৰা মতে ঠিকাদাৰ শিৱই এটি কমিচন লৈ পথটিৰ দায়িত্ব সঞ্জীৱ গগৈক অৰ্পণ কৰে।কিন্তু ঠিকাদাৰ ৰূপী সঞ্জীৱ গগৈয়ে পথটো নিৰ্মাণ কৰাৰ নামত ব্যাপক অনিয়ম হেমাহি কৰাৰ অভিযোগ উত্থাপিত কৰিছে।আজি দুবছৰে গগৈয়ে পথটি নিৰ্মাণ কৰা নামত পথটোত দুই চাৰি গাড়ী মাটি শিল পেলাই দায়িত্ব সামৰণি মাৰে।জানিব পৰা মতে নগাহাট-মৰাণহাবি প্ৰায় পাচ কিলোমিটাৰ দৈৰ্ঘ্য পথটোৰ নিৰ্মাণ কৰা বাবে প্ৰায় ৩ কোটি ৭৫ লাখ টকা আৱণ্টন হৈছিল।কিন্তু আজি দুটা বছৰে পথটো নিৰ্মাণৰ কাম ৩০ শতাংশই হোৱা নাই।যাৰ ফলত নগাহাট, কলাকটা গোহাঁই গাওঁ, গোহাঁই গাওঁ, মৰাণহাবি গাওঁৰ প্ৰায় দহ সহস্ৰাধিক ৰাইজে  যমৰ যাতনা ভুগি আহিছে।অঞ্চল টোৰ জনসাধাৰণে ঠিকাদাৰৰূপী সঞ্জীৱ গগৈক পথটো শীঘ্ৰে নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও ঠিকাদাৰ গগৈয়ে পথটো নিৰ্মাণ ক্ষেত্ৰত হেমাহি আৰু গা - এৰা মনোভাৱ কৰি অহা বুলি অভিযোগ উত্থাপিত কৰে। আনহাতে পথটোত নিৰ্মান কৰা কালভাৰ্ট সমূহত অতি নিম্ন মানৰ শিল,বালি আৰু চিমেণ্ট ব্যৱহাৰৰ কৰা ফলত নিৰ্মিয় অৱস্হাতে কালভাৰ্ট সমূহ ফাট মেলিবলৈ  আৰম্ভ কৰে।পথটো নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ গৰাকীয়ে ব্যাপক দুৰ্নীতি, অনিয়ম আৰু অৱহেলা কৰি অহাত অতিষ্ঠ হৈ অঞ্চলটোৰ জনসাধাৰণ ৰাজপথত লৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়।অঞ্চলটোৰ প্ৰায় শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি গড়কাপ্তানি বিভাগ হায় হায়,পথ নিৰ্মাণত দুৰ্নীতি নচলিব , পথ নিৰ্মাণত হেমাহি নছলিব ,ফটা কালভাৰ্ট পুনৰ নিৰ্মাণ কৰক,নিম্নমাৰ সামগ্ৰী য়ে পথ নিৰ্মাণ কাৰ্য বন্ধ কৰক আদি শ্ল'গান দি আকাশ বতাহ কপাই তোলে।প্ৰনিধানযোগ্য পথটো নিৰ্মাণ নকৰা ফলত অঞ্চলটোৰ জনসাধাৰণে ব্যৱসায়, বাণিজ্য শিক্ষা চিকিৎসা আদিৰ ক্ষেত্ৰত দীৰ্ঘ দিন ধৰি সমস্যাত ভুগি আহিছে। ঠিকাদাৰে পথটো যদি অতি শীঘ্ৰে নিৰ্মাণ নকৰে তেন্তে পৰবৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে।