Page Nav

HIDE

কভিডে মন্দা কৰা ব্যৱসায়লৈ সুস্থিৰতা অহাৰ আশা: গামোচা ছাতি প্ৰস্তুত কৰাত ব্যস্ত চিৰঞ্জীত

গণবাৰ্তা বিশেষ, যোৰহাট, ৩০ চেপ্তেম্বৰ :   ক'ৰোণা মহামাৰীয়ে আউল লগাই পেলালে সাধাৰণ জীৱন যাত্ৰাত| কাৰোবাৰ বাবে যদি দৈনিক উপাৰ্জনৰ পথ ৰুদ্ধ...


গণবাৰ্তা বিশেষ, যোৰহাট, ৩০ চেপ্তেম্বৰ :   ক'ৰোণা মহামাৰীয়ে আউল লগাই পেলালে সাধাৰণ জীৱন যাত্ৰাত| কাৰোবাৰ বাবে যদি দৈনিক উপাৰ্জনৰ পথ ৰুদ্ধ হ'ল তেন্তে আন কাৰোবাৰ বাবে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে| ইয়াৰ মাজতে বহু সংখ্যক এনে ব্যক্তি আছিল যি সকলৰ পৰিয়াল পোহপাল দিয়াৰ আৰত আছিল সামাজিক অনুস্থান সমূহ| এনে এজন ব্যক্তি যোৰহাটৰ নাওশলীয়া গাঁওৰ যুৱক চিৰঞ্জীত লাহন| চিৰঞ্জীতৰ হাতৰ পৰশত বিভিন্ন ৰূপত প্ৰাণ পাইছিল অসমীয়াৰ চেনেহৰ ফুলাম গামোচা খনে| ২০১৮ চনত প্ৰথম বাৰৰ বাবে চিৰঞ্জীতে নিজা চিন্তাৰে প্ৰস্তুত কৰিছিল গামোচাৰ ফুলাম ছাতি| কালক্ৰমত চিৰঞ্জীতৰ ছাতিৰ চাহিদা এনেদৰে বৃদ্ধি পাইছিল যে বিয়াত দৰাৰ বাবে ব্যৱহাৰ কৰা চাতি চিৰঞ্জীতে যোগান ধৰিব লগা হয়| ক্ৰমান্বয়ে সমগ্ৰ ৰাজ্যতে জনপ্ৰিয় হৈ পৰিল ফুলাম ছাতি| ৰাজ্যৰ বিভিন্ন প্ৰান্তত  চিৰঞ্জীতে ছাতিৰ যোগান ধৰি এক প্ৰতিস্থিত ব্যৱসায়লৈ পৰিনত কৰে তেওঁৰ ক্ষুদ্ৰ ব্যৱসায়| ছাতিৰ উপৰিও ক্ৰমান্বয়ে মহিলাৰ বেগ, টুপী আদিও গামোচাৰে প্ৰস্তুত কৰি গ্ৰাহকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল| কিন্তু প্ৰতিস্থা লাভৰ সময়তে চলিত বৰ্ষৰ আৰম্ভনিতে দেশত ক'ৰোণা মহামাৰীৰ বাবে হোৱা লকডাউনে ক্ষতিগ্ৰস্থ কৰে চিৰঞ্জীতৰ ব্যৱসায়| ব্যৱসায়ত অহা মন্দাৱস্থাৰ বাবে পৰিয়াল পোহপাল দিয়াতো সমস্যা আহি পৰে চিৰঞ্জীতৰ পৰিয়াললৈ|  কৰ'না মহামাৰীৰ বাবে ছয় সাত মাহ দীঘলীয়া লকডাউনৰ বাবে ৰাজ্যত অন্যান্য অনুষ্ঠানৰ লগতে বন্ধ হৈ পৰিল বিবাহ অনুষ্ঠানো। যাৰ বাবে চিৰঞ্জীতৰ ছাতি  কিনা গ্ৰাহকো নোহোৱা হৈ পৰিল । কিন্তু শেহতীয়াকৈ আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত অনুষ্ঠান সমূহো আৰম্ভ হৈছে। আৰম্ভ হৈছে বিবাহ অনুস্থানো| কভিডৰ নীতি নিৰ্দেশনা মানি ৰাইজে বিবাহ অনুস্থানৰ আয়োজন কৰিবলৈ লোৱাৰ পৰাই পুনৰ  প্ৰয়োজন হৈ পৰিছে চিৰঞ্জীতৰ ফুলাম ছাতিৰ|  আগন্তুক সময়ত বহু বিবাহ অনুষ্ঠান হোৱাৰ আশা আছে। যাৰ বাবে লকডাউনত মন্দা হৈ পৰা চিৰঞ্জীতৰ ব্যৱসায়লৈ পুনৰ প্ৰাণ নামি আহিছে। বিভুন্ন স্থানৰ পৰা লাভ কৰিছে ছাতিৰ  অৰ্ডাৰ। পুনৰ ছাতি নিৰ্মানত ব্যস্ত হৈ পৰা চিৰঞ্জীতৰ লগতে পৰিয়ালটোলৈ নামি আহিছে আনন্দৰ পৰিবেশ, হাঁহি বিৰঙিছে চিৰঞ্জীতৰ মুখত | লকডাউনে জৰ্জৰিত কৰা চিৰঞ্জীতে ছাতিৰ ন ৰূপ দিয়াত ব্যস্ত হৈ পৰিছে|