Page Nav

HIDE

পাঞ্জাৱৰ বিৰুদ্ধে আইপিএলত ঐতিহাসিক জয় ৰাজস্থানৰ

  শ্বাৰজাহ,২৭ ছেপ্টেম্বৰ: মায়ংক আগৰৱালা শতক আৰু আই পি এলত ঐতিহাসিক প্ৰথম যুটীত মায়াংক আগৰৱাল আৰু কে এল ৰাহুলৰ  ৯৯ বলত ১৮৩ ৰানৰ সৰ্বাধিক স্ক’...

 


শ্বাৰজাহ,২৭ ছেপ্টেম্বৰ: মায়ংক আগৰৱালা শতক আৰু আই পি এলত ঐতিহাসিক প্ৰথম যুটীত মায়াংক আগৰৱাল আৰু কে এল ৰাহুলৰ  ৯৯ বলত ১৮৩ ৰানৰ সৰ্বাধিক স্ক’ৰ কৰা কিং ইলেভেন পঞ্জাৱে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে  জয়ী কৰাব নোৱাৰিলে। তীব্ৰ উত্তেজনাপূৰ্ণ আইপিএলৰ নৱম সংখ্যাক মেচখনত ৰাজস্থানে জয় লাভ কৰে। যিজয় সহজ নাছিল। বৃহৎ ৰানৰ লক্ষ্য অতিক্ৰম কৰি ৰাজস্থানে দেওবাৰৰ মেচখনত চাৰিটা উইকেটৰ ব্যৱধানত জয় লাভ কৰে। প্ৰথমে মেচখনত পাঞ্জাৱৰ পক্ষত যোৱাৰ অনুভৱ হৈছিল, যদিও  মেচৰ শেষৰ ১৭ নং অভাৰত তেৱাতীয়াই ৫টা ছিক্সাৰ কোবাই মেচখনৰ সম্পূৰ্ণ গতি সলনি কৰি ৰাজস্থান ৰয়েলছে বিজয় সাব্যস্ত কৰে। যাৰ বাবে মায়ংক আগৰৱালাৰ শতকেও পাঞ্জাৱক জয়ী কৰোৱাব নোৱাৰে। ৰাজস্থানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। পাঞ্জাৱে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই ২২৩ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ মেচখনত মায়ংক আগৰৱালে দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰে। তেওঁ ৫০টা বলত ১০৬ ৰান সংগ্ৰহ কৰে। আনহাতে কে এল ৰাহুলে ৫৪ বলত ৬৯ ৰান সংগ্ৰহ কৰে। পাঞ্জাৱে জয়ৰ বাবে মেচখনত বান্ধি দিয়া ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা ৰাজস্থানে ১৯.৩ টা বলত সেই লক্ষ্য সংগ্ৰহ কৰে। দলটোৱে ১৯.৩ বলত ৬টা উইকেট হেৰুৱাই ২২৬ ৰান সংগ্রহ কৰি মেচখনত ৪টা উইকেটৰ ব্যৱধানত জয়ী হয়। ৰাজস্থানৰ হৈ সঞ্জু ছেমছনে ৪২টা বলত  ৮৫, স্মিথে ২৭টা বলত ৫০ ৰান, তেৱাতিয়াই বিস্ফোৰক ৭ টা ছিক্সাৰৰ সহায়ত ৩১ টা বলত ৫৩ ৰানৰ বিশাল লক্ষ্যত উপনিত হৈ আই পি এল ইতিহাসত ঐতিহাসিক বিজয় সাব্যস্ত কৰে,  দলটোৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে সঞ্জু ছেমছনে। তেওঁ ৪২বলত ৮৫ৰান সংগ্ৰহ কৰে।হৈ আই পি এল ইতিহাসত ৰাজস্থান ৰয়েলছ প্ৰথমটো দল যি বিশাল স্কৰৰ লক্ষ্যত উপিনত হৈ বিজয় সাব্যস্ত কৰা৷ পঞ্জাবৰ হৈ ছামিয়ে ৩টা উইকেট লাভ কৰে৷