গণ বাৰ্তা, নকছাৰীঃ মৰিয়নীৰ এটা অতি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা ৷ মৰিয়নী নকছাৰি মাছখোৱা গাঁৱৰ নিৱাসী পুতুল আৰাণধৰা আৰু দমজন্তি আৰাণধৰাৰ জে...
গণ বাৰ্তা, নকছাৰীঃ মৰিয়নীৰ এটা অতি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথা ৷ মৰিয়নী নকছাৰি মাছখোৱা গাঁৱৰ নিৱাসী পুতুল আৰাণধৰা আৰু দমজন্তি আৰাণধৰাৰ জেষ্ঠ পুত্ৰ সত্যজিৎ আৰাণধৰা বিগত বহু দিনৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰি আছে ৷ সত্যজিৎ আৰাণধৰাৰ (ব্ৰেইন টিউমাৰ)ৰ অস্ত্ৰোপচাৰ কৰাৰ চাৰিমাহ পাছত তেওঁৰ স্বাস্থ্যৰ দূত্ত অৱনতি ঘটিবলৈ ধৰে৷ শেহতীয়াকৈ কিছুদিনৰ পৰা শয্যাশায়ী সত্যজিৎ আৰাণধৰাৰ একমাত্ৰ পুত্ৰ আশীকজ্যোতি আৰাণধৰা (২) ও আন এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ মুৰত সৰগ ভাগি পৰে৷ ইতিমধ্যে পৰিয়ালটোৰ ভেটিটোৰ বাহিৰে সকলো খেতিমাটি বিক্ৰী কৰিছে পুত্ৰৰ চিকিৎসাৰ বাবে ৷ আকৌ এতিয়া তেওঁলোকৰ নাতিটোও এই অৱস্থাত পৰিয়ালটোৱে গণ অধিকাৰৰ জৰিয়তে অসমবাসী ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগে ৷
No comments