নেকিব আহমেদ ,যোৰহাট : জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱই হল মানুহ । "যত জীৱ ত'ত শিৱ ,,"বা হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান ,, এই কথাব...
নেকিব আহমেদ ,যোৰহাট : জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱই হল মানুহ । "যত জীৱ ত'ত শিৱ ,,"বা হিন্দু কি মুছলমান একেই আল্লাৰ ফৰমান ,, এই কথাবোৰক এই খন অসমত এচামে মূল্যহীন কৰিবৰ বাবে চেষ্টা কৰি থকাৰ সময়তে নিজ ধৰ্মৰ লক্ষ্মণ ৰেখা অতিক্ৰম কৰি ভাতৃৰ প্ৰেমৰ চূড়ান্ত নিৰ্দশন দেখুৱালে শিৱসাগৰৰ এগৰাকী ইছলাম ধৰ্মীয় মহিলাই । জানিব পৰা মতে শিৱসাগৰ নগৰৰ ন-আলিস্থিত মুছকান বেগম নামৰ বিবাহিতা মহিলা গৰাকীৰ ঘৰত যোৱা বিহস্পতিবাৰে তেওঁ পাতি লোৱা ভাতৃ ধ্ৰুৱজ্যোতি মজুমদাৰ (২৮) নামৰ যুৱক জনৰ মৃত্যু হয় । উল্লেখ্য যে তিনিচুকীয়াৰ জীয়ৰী বৰ্তমানৰ শিৱসাগৰৰ বোৱাৰী মুছকান বেগমৰ সৈতে সৰুৰেপৰাই ধ্ৰুৱজ্যোতিৰ সৈতে আছিল ভাতৃ- ভগ্নীৰ সমন্ধ । ঘাটমাউৰা ধ্ৰুৱজ্যোতিৰ নিজৰ বুলিবলৈ কোনোৱেই নাছিল । পৰিয়ালৰ আন লোকসকল আছিল যদিও বিশেষ আত্মীয়তা নাছিল । কিন্তু পাতি লোৱা ভগ্নী মুছকানেই ভগ্নীৰ দায়িত্ব পালন কৰি গৈছিল । কিছু দিনৰ পূৰ্বে এক ৰোগত আক্ৰান্ত হোৱা ধ্ৰুৱজ্যোতিয়ে উপায়হীন হৈ পাতি লোৱা ভগ্নীৰ ঘৰত আশ্ৰয় লৈছিল হি । কিন্তু যোৱা বিহস্পতিবাৰে যুৱক জন মৃত্যু হোৱাত সৰ্গ ভাগি পৰিছিল মুছকানৰ মূৰত । মুছকানে যুৱক জনৰ আত্মীয়ৰ সৈতে যোগাযোগ কৰিছিল যদিও কোনো সু-উত্তৰ নোপোৱাত অৱশেষত নিজ ধৰ্মৰ লক্ষণ ৰেখা অতিক্ৰম কৰি ভগ্নীৰ দায়িত্ব পালন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে কেইজনমান যুৱকক লগত লৈ ধ্ৰুৱজ্যোতিৰ মৃতদেহ লৈ উপস্থিত হৈছিল শিৱসাগৰৰ শান্তিবন শ্মশানত । সম্পূৰ্ন হিন্দু ধৰ্মীয় নীতি - নিয়মেৰে ভাতৃ ধ্ৰুৱজ্যোতিক চিতাত উঠাই মুখাগ্নি কৰিছিল মুছকানে । দুই নয়নৰ চকুলো বোৱাই কেইবাঘন্টা ধৰি চিতাৰ কাষত থিয় হৈ ভাতৃপ্ৰতিমক সঁহাৰি জনাইছিল ভগ্নী মুছকানে । আৰু অস্তি লোৱাৰ পূৰ্বে চিতাৰ কাষত সম্ভাৱনীয় দোষ ক্ৰুটিৰ মাৰ্জনাও বিচাৰে মুছকানে । এই ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই এই নিৰ্দশনক সকলোৱে শলাগ লৈছে । এই খন যে শংকৰ- আজানৰ অসম হয় ,, তাহানিতে মহাপুৰুষকেইজনে বান্ধি থৈ যোৱা হাতামপুৰুষীয়া ঐক্য সমন্বয় - সম্প্ৰীতিৰ আন এক নিৰ্দশন পুনৰ শিৱসাগৰত দেখিবলৈ পোৱা গল বুলি সৰ্বতে চৰ্চিত হৈছে । ( যোৰহাট , ২৬ ছেপ্টেম্বৰ )
No comments