Page Nav

HIDE

দেশজুৰি মোদী চৰকাৰৰ বিৰুদ্ধে ৰাজপথত কৃষকৰ বিদ্ৰোহঃ পাঞ্জাৱ-হাৰিয়াণাকে ধৰি দেশৰ প্ৰান্তে প্ৰান্তে কৃষক ৰাজপথত

  নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংসদৰ শীতকালীন অধিৱেশনত কৃষি সম্বন্ধীয় তিন...

 নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সংসদৰ শীতকালীন অধিৱেশনত কৃষি সম্বন্ধীয় তিনিখন বিধেয়ক দুয়োখন সদনত গৃহীত কৰাৰ পিছতেই সমগ্ৰ দেশজুৰি চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে কৃষকৰ বিদ্ৰোহ। আজি সমগ্ৰ দেশৰ ৰাজপথত কৃষকসকল নামি মোদী চৰকাৰৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৃষকসকলৰ এই বিদ্ৰোহক কংগ্ৰেছে সমৰ্থন আগবঢ়োৱাত মোদী চৰকাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদটো আৰু অধিক জোৰদাৰ হৈ পৰিছে। পঞ্জাব, হাৰিয়াণাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰে। যিহেতু কৃষককে ধৰি কৃষকৰ লগত জড়িত সংগঠন তথা Îট্ৰড ইউনিয়নে আজি ভাৰত বন্ধৰ ঘোষণা কৰিছিল। সেই অনুসৰিয়ে আজি দেশৰ বিভিন্ন প্ৰান্তত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হয়। বিশেষকৈ কৃষিপ্ৰধান ৰাজ্য ৰূপে পৰিগণিত পঞ্জাব আৰু হাৰিয়াণাত মোদী চৰকাৰৰ বিৰুদ্ধে অধিক হাৰত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে কৃষক তথা কৃষকৰ লগত জড়িত সংগঠনসমূহৰ লগত আলোচনা নকৰাকৈয়ে দুয়োখন সদনত কৃষি সম্বন্ধীয় তিনিখন বিধেয়ক গৃহীত কৰি দিয়া কাৰ্যক লৈ সৰৱ হৈ পৰিছে কৃষকসকল।

যিহেতু কৃষকসকলে এই বিধেয়ক সদনত গৃহীত হোৱাৰ পিছত তেওঁলোক ভৱিষ্যতৰ চিন্তাত ব্যাকুল হৈ পৰিছে। কৃষক সংগঠনসমূহে প্ৰকাশ কৰা অনুসৰি মোদী চৰকাৰে কৃষিখণ্ডটোক পুঁজিপুতিৰ হাতত গতোৱাৰ পথ মুকলি কৰি দিছে। পুঁজিপতিসকলৰ আশ্ৰয়ত থাকিব লাগিব কৃষকসকল। পুঁজিপতিসকলৰ হাততহে কৃষকসকলে নিজৰ উৎপাদিত শস্য বিক্ৰী কৰিবলৈ বাধ্য হ’ব লাগিব বুলি কৃষক সংগঠনসমূহে প্ৰকাশ কৰিছে। লগতে এই কথাও প্ৰকাশ কৰিছে যে এই বিধেয়কৰ জৰিয়তে কৃষকসকলে পূৰ্বতে লাভ কৰি অহা উৎপাদিত শস্যৰ ন্যূনতম সমৰ্থনমূল্য (এমএছপি) হেৰুৱাব লাগিব। কিন্তু মোদী চৰকাৰে এই কথাও প্ৰকাশ কৰিছে যে কৃষকসকলে এমএছপি নেহেৰুৱায়। তেওঁলোকৰ উৎপাদিত শস্যত এমএছপি লাভ কৰি থাকিব। মোদী চৰকাৰৰ এই উত্তৰৰ প্ৰত্যুত্তৰ দি কৃষক সংগঠনসমূহে প্ৰকাশ কৰিছে যে মোদী চৰকাৰৰ মন্ত্ৰীসকলে কৃষকৰ উৎপাদিত শস্যত এমএছপি লাভ কৰি আহিব বুলি টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে। কিন্তু তেওঁলোকে কিয় এই বিষয় সম্পৰ্কে এখন বিধেয়ক সংসদত গৃহীত নকৰিলে• সমগ্ৰ দেশত কৃষকসকলে বিধেয়ক তিনিখনৰ বিৰুদ্ধে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজনৈতিক স্বাৰ্থৰ বাবে এই প্ৰতিবাদ আৰম্ভ হৈছে।

কৃষি সম্বন্ধীয় বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কাৰ্যটোৰ লগত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাৰ কথা প্ৰকাশ কৰিছে। তেওঁ কয়- ৰাজনৈতিক স্বাৰ্থৰ বাবে কৃষকসকলৰ কান্ধত বন্দুক থৈ চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি আছে। উল্লেখ্য যে আজি পঞ্জাব, হাৰিয়াণাত সম্পূৰ্ণৰূপে যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰে। পঞ্জাবত তিনিদিনলৈ ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে কৃষকসকলে। তেওঁলোকে অনাগত দিনলৈও এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলাই যাব বুলি হুংকাৰ দিছে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবছৰীয়া কাৰ্যকালত দেশত কৃষক বিদ্ৰোহ দ্ৰুত হাৰত বৃদ্ধি পাইছে। মোদীৰ কাৰ্যকালত কৃষকৰ বিদ্ৰোহ ৭০০ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৪-১৬ৰ সময়ছোৱাত কৃষকৰ বিদ্ৰোহৰ সংখ্যা ৬২৮ৰ পৰা বৃদ্ধি পাই ৪,৮৩৭টা হয়গৈ। অৰ্থাৎ তেওঁৰ শাসনকালত ৭০০ শতাংশ কৃষকৰ বিদ্ৰোহ বৃদ্ধি পাইছে।