Page Nav

HIDE

আইপিএলত চেন্নাইৰ বিৰুদ্ধে ৪৪ ৰানত দিল্লীৰ জয়

ডুবাই,২৫ ছেপ্টেম্বৰ: আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ শুকুৰবাৰৰ মেচখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে   কেপিটেলছে জয় লাভ কৰিছে। ডুবাই ইন্টাৰনেছনেল...

ডুবাই,২৫ ছেপ্টেম্বৰ: আই পি এলৰ ১৩ সংখ্যক সংস্কৰণৰ শুকুৰবাৰৰ মেচখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে   কেপিটেলছে জয় লাভ কৰিছে। ডুবাই ইন্টাৰনেছনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টৰ সপ্তম সংখ্যক মেচখনত চেন্নাইক দিল্লীয়ে ৪৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে। দিল্লীয়ে এই জয়ৰে একেলগে দুখন মেচত জয় লাভ কৰিছে।  নিশা অনুষ্ঠিত মেচখনত টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰিবলৈ অহা দিল্লীয়ে ২০অভাৰত ৩টা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্ৰহ কৰে। দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা চেন্নাইয়ে  ২০ অভাৰত ৭ উইকেট হেৰুৱাই  ১৩১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মেচখনত দিল্লীৰ হৈ  পৃথিভি শ্ব'ই  সৰ্বাধিক ৪৩ টা বলত ৬৪ ৰান সংগ্ৰহ কৰে। তেওঁ মেচখনত দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰে । আনহাতে চেন্নাইৰ হৈ ফাফ ডুপলেছিছে  সৰ্বাধিক ৩৫বলত ৪৩ ৰান সংগ্ৰহ কৰে। দিল্লী কেপিটেলছৰ হৈ ৰাবাডাই ২৩ ৰান খৰচ কৰি ৩টা, এৰিক নৰ্থ জেই ২টা আৰু আক্সাৰ পাটেলে এটা উইকেট লাভ কৰে। মেচখনত দিল্লী কেপিটেলছৰ হৈ সৰ্বাধিক ৰান কৰা পৃথিভি শ্ব'ক মেন অব দ্য মেচৰে সন্মানিত কৰে