Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ "নামাজ গৃহ " শুভ উদ্ধোধন ; বিশ্ব শান্তিৰ বাবে ৰাজহুৱা দোৱা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৭ ছেপ্টেম্বৰ -- যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ এটি নৱ - নিৰ্মিত নামাজ গৃহ আজি আছিয়ানাৰ বিবাহ ভৱনত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৭ ছেপ্টেম্বৰ -- যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ এটি নৱ - নিৰ্মিত নামাজ গৃহ আজি আছিয়ানাৰ বিবাহ ভৱনত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানৰ পাছতে দুপৰীয়া ( জোহোৰৰ) নামাজ আৰু দোৱাৰে  শুভাৰম্ভ কৰা হয় । উক্ত নামাজ গৃহ'টি শুভ উদ্ধোধন কৰে শিৱসাগৰ দ্বীনি মাদ্ৰাছাৰ  মুফটি শ্বেইখ কমৰুদ্দিন আহমেদ কাছিমীয়ে । ইয়াৰ পূৰ্বে কোৰান পাঠ কৰে ৰয়েল ৰো'ডৰ হাজৰিকা মছজিদৰ  ইমাম  মৌলানা ক্বাৰী চাব্বিৰ আহমেদ আৰু ইমাম ইদ্ৰীচ আলীয়ে ।  চেণ্ট্ৰেল ক্লাৱৰ সভাপতি আলহাজ নেকিবুৰ ৰহমান বৰবৰাই পৰিচালনা কৰা আৰু ক্লাৱৰ সম্পাদক তথা সমাজকৰ্মী আলহাজ তৌফিকুল হুছেইনে আঁত ধৰা ধৰ্মীয় অনুষ্ঠানটোত যোৰহাটৰ কেইবাটাও মছজিদৰ ইমাম সকলক  সম্বৰ্ধনা জনোৱা হয় । আৰু মছজিদত ইমামটি কৰা ইমাম জনৰ মহত্ব আৰু দায়িত্বৰ লগতে তেওঁৰ প্ৰতি মছজিদ পৰিচালনা সমিতিৰ দায়িত্ব আৰু আচৰণ কেনে হব লাগে সেই সন্দৰ্ভত" বক্তৃতা প্ৰদান কৰাৰ লগতে  ইমাম আৰু মোৱাজ্জীনৰ মৰ্যদা"শীৰ্ষ বিষয়ৰ সন্দৰ্ভত মুফটি কমৰুদ্দিন আহমেদে সুন্দৰ বক্তৃতাৰে আলোকপাত কৰে । সমাজিক দূৰত আৰু কভিড নীতি নিয়ম অনুসৰি  প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰা ধৰ্মীয় অনুষ্ঠাটোত শলাগৰ শৰাই আগবঢ়ায় ক্লাৱৰ উপ-সভাপতি লিয়াকত হুছেইনে । নৱ নিৰ্মিত নামাজ গৃহটিত   মৌলানা হাৰুণ ৰচিদ কাছিমীয়ে ইমামটি কৰা জোহোৰৰ নামাজৰ পূৰ্বে মুফটিয়ে বিশ্ব-শান্তিৰ বাবে এক ৰাজহুৱা দোৱা কৰে । উল্লেখ্য যে কোৰোনা মহামাৰীৰ সময়ত যোৰহাটকে আদি কৰি অসমৰ বহু কেইজন বিশিষ্ট লোকে পৃথিৱীৰ পৰা বিদায় লৈ যাবলগীয়া হল । ইয়াৰোপৰি বহু লোক ইতিমধ্যে কভিডত আক্ৰান্ত হৈ বৰ্তমানো চিকিৎসাধীন হৈ আছে । মৃত সকলৰ আত্মাৰ চিৰ -শান্তিৰ কামনাৰ লগতে চিকিৎসাধীন হৈ থকা  সকলৰ  আৰোগ্যৰ কামনা,  লগতে যাতে অতি সোনকালে এই মহামাৰীৰ পৰা বিশ্বই পৰিত্ৰাণ পাই সেই উদ্দেশ্যৰে  মহান আল্লাৰ ওচৰত সকলোৱে হাত তুলি  এক ৰাজহুৱা দোৱা কৰা হয় । উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ আলহাজ ডঃ আদিল উল যাঁচিন , সমাজ কৰ্মী ৰেজাউল যাঁচিন , শিক্ষাবিদ আলহাজ নাজিমুদ্দিন খনিকৰ , ইদগাহ পৰিচালনা সমিতিৰ সভাপতি নবাৱ নাছিৰুদ্দিন আহমেদ, সমাজ কৰ্মী দীপক ৰফিক আহমেদ , ক্লাৱৰ বিষয় ববীয়া জাহিদ আলিৰ উপৰিও ক্লাৱৰ সকলো সদস্যৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে  অংশগ্ৰহণ কৰে ।

No comments