Page Nav

HIDE

বিতৰ্কিত কৃষি আইনক লৌ দেশজুৰি কৃষক বিদ্ৰোহৰ জুইঃ ইণ্ডিয়া গেটত ধৰ্ণাত বহিল পঞ্জাবৰ মুখ্যমন্ত্ৰী, প্ৰতিবাদীকাৰীয়ে জ্বলালে ট্ৰেক্টৰ, গ্ৰেপ্তাৰ তিনি

নতুন দিল্লীঃ ১৩৩ কোটি জনতাক দুবেলা দুমুঠি অন্ন যোগাই অহা কৃষক এতিয়া খেতিপথাৰৰ পৰিৱৰ্তে নামিছে ৰাজপথত। দেশৰ চৌদিশে এতিয়া কৃষিপথাৰ এৰি কৃষকসকল...

নতুন দিল্লীঃ ১৩৩ কোটি জনতাক দুবেলা দুমুঠি অন্ন যোগাই অহা কৃষক এতিয়া খেতিপথাৰৰ পৰিৱৰ্তে নামিছে ৰাজপথত। দেশৰ চৌদিশে এতিয়া কৃষিপথাৰ এৰি কৃষকসকল ৰাজপথত নামি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিছে। শেহতীয়াকৈ সংসদৰ শীতকালীন অধিৱেশনত দুয়োখন সদনত তিনিখনকৈ কৃষি বিধেয়ক গৃহীত কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ  বিৰুদ্ধে দেশজুৰি কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ছোৱাতেই ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে দেওবাৰে নিশা সংসদত গৃহীত তিনি কৃষি বিধেয়কত মোহৰ মাৰিছে আৰু আইনত পৰিণত কৰিছে। ৰাষ্ট্ৰপতিয়ে কৃষি বিধেয়কত মোহৰ মৰাৰ এটা দিনৰ পিছতেই সমগ্ৰ দেশত এতিয়া কৃষকৰ প্ৰতিবাদ। বিশেষকৈ সোমবাৰৰ দিনটোত পঞ্জাব, হাৰিয়াণা, দিল্লীকে ধৰি দেশৰ প্ৰান্তে প্ৰান্তে কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি পঞ্জাবত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষকসকলে আয়োজন কৰা প্ৰতিবাদত বহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী। পঞ্জাবৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কৃষকৰ পক্ষত থাকি প্ৰতিবাদত বহে। তেওঁ প্ৰতিবাদীস্থলীৰ পৰাই কয় যে  নতুন কৃষক আইনৰ বিৰুদ্ধে তেওঁলোক উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব। কেৱল পঞ্জাবতে নহয়, আজি ৰাজধানী দিল্লীতো কৃষকসকলে জংগী আন্দোলন গঢ়ি তোলে। 

ইণ্ডিয়া গেটৰ সমুখত কৃষকসকলে ট্ৰেক্টৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ট্ৰেক্টৰ জ্বলোৱা কাৰ্যত জড়িত থকা তিনিজন লোকক দিল্লী আৰক্ষীয়ে আটক কৰিছে। ইয়াৰ মাজতেই আজি কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহলৈ নিৰ্দেশ দিছে যে তেওঁলোকে কেন্দ্ৰৰ কৃষি বিধেয়ক নাকচ কৰিবলৈ নতুন আইনৰ চিন্তা-চৰ্চা কৰক। কংগ্ৰেছে আজি কৃষকসকলৰ পক্ষত থাকি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে তেওঁ কৃষকসকলৰ পক্ষত আছে। উল্লেখ্য যে কৃষি বিধেয়ক সংসদত গৃহীত হোৱাৰ পিছতেই এন ডি এৰ পৰা পুৰণি মিত্ৰ দল আকালী দল ওলাই আহিছে। পিডিপি, শিৱসেনাৰ পিছত আকালী দল এন ডি এৰ মিত্ৰজোঁটৰ পৰা ওলাই আহিছে। 

আকালী দলৰ প্ৰমুখ সুখবীৰ সিং বাদলে এন ডি এৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰি কৈছিল যে মোদী চৰকাৰ কৃষকবিৰোধী। এনে চৰকাৰৰ সৈতে মিত্ৰজোঁট গঢ়ি থকাৰ কোনো প্ৰশ্ন নুঠে। ইয়াৰ মাজতেই সুখবীৰ সিং বাদলে ইণ্ডিয়ান এক্সপ্ৰেছত দিয়া এক আছুতীয়া সাক্ষাৎকাৰত অভিযোগ তুলি কয় যে এন ডি এ কেৱল নামমাত্ৰহে মহাজোঁট। যোৱা কেইবাবছৰ ধৰি এন ডি এ কেৱল এক নামমাত্ৰহে মহাজোঁট হৈ ৰৈছে। এনডিএ মানেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীত পৰিণত হৈছে। এই মহাজোঁটৰ সৈতে জড়িত হৈ থকা দলসমূহৰ সৈতে যোৱা কেইবাবছৰ কোনোধৰণৰ আলোচনা, পৰিকল্পনা আৰু সভা কৰা হোৱা নাই।