Page Nav

HIDE

এছ আই কেলেংকাৰীত বিজেপিৰ এজন নহয় বহু বিধায়ক জড়িতঃন্যায়িক তন্তৰ দাবী কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুুক্তিক লৈ ৰাজ্যত গঢ়ি উঠা ক’লা বজাৰৰ বিৰুদ্ধে চিআইডি আৰু ক্ৰাইম ব্ৰান্সে অব্যাহত ৰ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটীঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুুক্তিক লৈ ৰাজ্যত গঢ়ি উঠা ক’লা বজাৰৰ বিৰুদ্ধে চিআইডি আৰু ক্ৰাইম ব্ৰান্সে অব্যাহত ৰাখিছে অভিযান। অভিযানকালত জালত পৰিছে এজনৰ পিছত এজনকৈ লোক। কিন্তু এতিয়ালৈকে মুকলি আকাশৰ তলতেই আছে মূল অভিযুক্ত পি কে দত্ত আৰু দিবন ডেকা। উক্ত কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে বিজেপিৰ বিধায়ক। এছআই পদৰ কেলেংকাৰীক লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। আজি সাংবাদিকৰ আগত ৰিপুন বৰাই কয় যে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ কেলেংকাৰীৰ সৈতে বিজেপিৰ এজন বিধায়ক নহয়, বহু বিধায়ক জড়িত হৈ আছে। চৰকাৰে যি তদন্ত ঘোষণা কৰিছে সেই তদন্তৰ জৰিয়তে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা চলাইছে। এই তদন্তৰ জৰিয়তে একো লাভ নহয়। 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে ৰিপুন বৰাই। ইপিনে উপ-পৰিদৰ্শকৰ কেলেংকাৰী নহয়, বেমেজালি হৈছে বুলি কালি বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কৰা মন্তব্যক উভতি ধৰি ৰিপুন বৰাই কয় যে যদি বেমেজালি হৈছে তেন্তে এজনৰ পিছত এজনকৈ লোকক গ্ৰেপ্তাৰ কিয় কৰা হৈছে। মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰিছে যে এই কেলেংকাৰীত জড়িত এজনো সাৰি যাব নোৱাৰিব। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে এনেদৰে মন্তব্য কৰি বিষয়টোক গাপ দিবলৈ চেষ্টা কৰিছে। কেলেংকাৰীত জড়িতসকলক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লাগিছে। ইপিনে ডিআইজি পি কে দত্ত নাকৰ আগেদি সাৰি গ’ল বুলিও কটাক্ষ কৰে ৰিপুন বৰাই।