Page Nav

HIDE

মহিলা টি-২০ ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়

লণ্ডন,২২ছেপ্টেম্বৰ: কোৰোনা মহামাৰীৰ মাজত ইংলেণ্ডত অনুষ্ঠিত হোৱা মহিলা টি-২০ ক্ৰিকেটত ঘৰুৱা দলটোৱে আলহী দল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয় লাভ কৰিছ...

লণ্ডন,২২ছেপ্টেম্বৰ: কোৰোনা মহামাৰীৰ মাজত ইংলেণ্ডত অনুষ্ঠিত হোৱা মহিলা টি-২০ ক্ৰিকেটত ঘৰুৱা দলটোৱে আলহী দল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে জয় লাভ কৰিছে। দুয়োটা দলৰ মাজত আজিৰে পৰা অনুষ্ঠিত হোৱা পাঁচখন মেচৰ টি-২০ছিৰিজৰ প্ৰথমখনত ইংলেণ্ড দলটোৱে ৪৭,ৰাণৰ ব্যৱধানত জয় লাভ কৰিছে আৰু ছিৰিজত ১-০ৰ অগ্ৰগতিত আছে। ষ্টেডিয়ামত দৰ্শকৰ অবিহনে অনুষ্ঠিত হোৱা ছিৰিজৰ প্ৰথমখন মেচত ইংলেণ্ড দলটোৱে টছত জিকি প্ৰথমে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বেটিং কৰাৰ সিদ্ধান্ত লয়।সেই অনুসৰি ইংলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ আহি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬৩ৰান সংগ্ৰহ কৰে। 

দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বেটিংৰ আৰম্ভণিৰে পৰা সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। দলটোৰ হৈ সৰ্বাধিক টমি বিউমন্টে ৬২ৰান সংগ্ৰহ কৰে।  তেওঁৰ দুৰ্দান্ত বেটিং প্ৰদৰ্শনৰে বাবে মেচখনত ইংলেণ্ডে জয় লাভ কৰে। কিয়নো ৱেষ্ট ইণ্ডিজে ১৬৩ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০অভাৰত ৬টা উইকেট হেৰুৱাই ১১৬ৰানহে সংগ্ৰহ কৰে। দলটোৰ হৈ ডটিনে অকলেই ৬৯ৰান সংগ্ৰহ কৰে যদিও ইংলেণ্ডৰ ৰানৰ লক্ষ্য স্পৰ্শ কৰিব নোৱাৰে ৱেষ্ট ইণ্ডিজে। ফলত মাৰ্চৰ পিছত খেলা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচতে ৱেষ্ট ইণ্ডিজে পৰাজয়ৰ মুখ দেখে। দুয়োটা দলৰ মাজত ছিৰিজৰ দ্বিতীয়খন মেচ কাইলৈ নিশা ১০.৩০বজাত অনুষ্ঠিত হ'ব ।