Page Nav

HIDE

বানৰ বিভীষিকা কমা নাই লেজাই-কলাখোৱাত, ভগ্ন মথাউৰিয়ে পুনৰ সোমাইছে পানী

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ  :  বানৰ বিভীষিকাই লগ এৰা নাই লেজাই, কলাখোৱাবাসীক । মৰাণ সমষ্টিৰ বৰবৰুৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত লেজা...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৮ ছেপ্টেম্বৰ  :  বানৰ বিভীষিকাই লগ এৰা নাই লেজাই, কলাখোৱাবাসীক । মৰাণ সমষ্টিৰ বৰবৰুৱা উন্নয়ণ খণ্ডৰ অন্তৰ্গত লেজাই, কলাখোৱাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি পেলাইছিল বানে । পানী শুকোৱাৰ লগে লগে বৃহৎ অঞ্চল দুটাৰ একাংশ কৃষকে বিভিন্ন উৎসৰ পৰা কঠিয়া সংগ্ৰহ কৰি পথাৰত ৰোপণ কৰিছিল যদিও দ-কলাখোৱাকে ধৰি কেইবাখনো গাঁ‌ৱৰ কৃষকৰ শ শ বিঘা কৃষিভূমি ভূমি চন পৰি ৰ'ল । ইফালে কিছুদিন অঞ্চল দুটাৰ ৰাইজ পানীৰ পৰা মুক্ত হৈছিল যদিও কেইবাদিন ধৰি দি থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু চেঁ‌চা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নতুনকৈ চৰকাৰে ২২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ভগ্ন মথাউৰিয়েদি পুনৰ পানী সোমাই বুৰাই পেলাইছে কৃষি পথাৰ । অঞ্চলটোত অভাৱ ঘটিছে পশুখাদ্যৰ । যাৰ বাবে মৃত্যু মুখত পৰিছে কেইবাটাও পশুধনৰ । স্থানীয় লোকে জানিবলৈ দিয়া মতে চৰকাৰী চাউলকেইটাৰ বাহিৰে একোৱেই সুবিধা পোৱা নাই ৰাইজে । স্থানীয় মৰাণ সমষ্টিৰ বিধায়কজনকো দেখি পাবলৈ নোহোৱা হ'ল বুলি জনায় দ-কলাখোৱাবাসী ৰাইজে । এক বৃহৎ পুঁ‌জিৰে মথাউৰিটো নিৰ্মাণ কৰিছে যদিও মথাউৰিটোত চুইজগেট স্থাপন নকৰাত দুৰ্ভোগ ভুগিব লগা হৈছে ৰাইজে । চৰকাৰী চাউলকেইটাই কোনো মতে জোৰা-টাপলি মাৰি চলি থকা পৰিয়ালসমূহে ভৱিষ্যতৰ জীৱন জীৱিকাক লৈহে চিন্তিত হৈ পৰিছে । কাৰণ খেতি দৰাও কৰিব নোৱাৰিলে । লগতে বনৰীয়া হাতীয়ে প্ৰায় তাণ্ডৱ চলাই গাওঁকেইখনত । ৰবি শস্যৰ খেতি কৰিবলৈও তেওঁলোক অপাৰগ । উপায়ন্ত ৰাইজে তেওঁলোকৰ জীৱন সংগ্ৰামত কিছু সহায়ৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সহযোগিতা কামনা কৰিছে ।

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]