Page Nav

HIDE

কৃষকৰ দুখ ! মাজুলীত মেটেকাই নিঃশেষ কৰিলে প্ৰায় ১৫০ বিঘা কৃষিভূমি

পৰাণজ্যোতি বৰা, মাজুলী,২৯ ছেপ্টেম্বৰ: :  মাজুলীৰ দক্ষিণ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত লাহলিয়াল গাঁৱৰ সন্মুখত থকা ভেৰেকী বিলৰ মেটেকাই অঞ্চলটোৰ প...


পৰাণজ্যোতি বৰা, মাজুলী,২৯ ছেপ্টেম্বৰ: :  মাজুলীৰ দক্ষিণ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত লাহলিয়াল গাঁৱৰ সন্মুখত থকা ভেৰেকী বিলৰ মেটেকাই অঞ্চলটোৰ প্ৰায় পাঁচ খনতকৈ অধিক গাঁৱৰ কৃষকৰ বাওঁ ধানৰ কৃষি ভূমি অনিষ্ট কৰে।প্ৰত্যেক বছৰে এই বিল খনৰ মেটেকাই কৃষি ভূমি অনিষ্ট কৰি অহাৰ লগতে এই বছৰত হোৱা তিনি/চাৰিটাকৈ প্ৰলয়নকাৰী বান পানীৰ ফলত যি কেইপদ কৃষি বাকী আছিল  বিলখনত উৎপন্ন হোৱা মেটেকাই অঞ্চলটোৰ কৃষকৰ প্ৰায় ১৫০ বিঘা বাওঁ ধানৰ কৃষিত সোমাই যায় যাৰ ফলত মেটেকা পৰি বাঁওধান সমূহ মৰি যায়।বিলখনত পানী বৃদ্ধি পোৱাৰ লগে লগে বতাহৰ ঢালত মেটেকা বহু অংশ কৃষি ভূমি লৈকে সোমাই যায়।যিহেতু সন্মুখৰ পথাৰ খন দ হোৱাৰ বাবেই কৃষক সকলে বাওঁ ধানৰ কৃষিৰ জৰিয়তে নিজৰ ভাত মুঠি মোকোলাই আহিছে।প্ৰত্যেক বছৰেই এনেদৰে মেটেকা পৰি বহু কষ্ট কৰি কৰা কৃষি মাৰি পেলোৱাত মেটেকাই নিঃশেষ কৰা পথাৰ খন দেখি হা হুমুনিয়াহ কাঢ়িছে অঞ্চলটোৰ কৃষক সকলে।বিল খন যিহেতু  লাহলিয়াল গাঁৱৰ সন্মুখত থকাৰ বাবে গাঁওখনৰ অধিক কৃষক পৰিয়ালৰ কৃষি লোকচান হোৱাৰ লগতে গাঁওখনৰ পথৰ কাষলৈকে মেটেকাই আৱৰি ধৰিছে। কৃষি ভূমি সমূহত প্ৰত্যেক বছৰে মেটেকা পৰাত বহু কষ্টৰে কৃষক সকলে খেতিৰ বাবে মাটি খিনি নিয়াৰি কৰিব লগাত পৰে।বিলখনত থকা মেটেকা সমূহ নিষ্কাশন কৰি কৃষক সকলক সকাহ দিবলৈ কৃষকসকলে জিলা প্ৰশাসনক আহ্বান জনাইছে।