Page Nav

HIDE

প্ৰশ্নকাকত মেনেজমেণ্টৰ দায়িত্বত আছিল দিবন ঃ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য, এজনৰ পিছত এজনকৈ আৰক্ষীৰ জালত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,  ঃ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি নিযুক্তিৰ নামত মুকলি বজাৰ খোলা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ ...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,  ঃ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলি নিযুক্তিৰ নামত মুকলি বজাৰ খোলা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। ইতিমধ্যে প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত থকাৰ অভিযোগত এজনৰ পিছত এজনকৈ আৰক্ষীৰ জালত পৰিছে। উপ-পৰিদৰ্শক পদৰ নিযুক্তিক লৈ পতা ক’লা বজাৰৰ মূল খলনায়ক তথা প্ৰাক্তন ডিআইজি পি কে দত্ত এতিয়াও পলাতক। এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ সন্ধানত অপৰাধ অনুসন্ধান শাখা আৰু চিআইডিয়ে অব্যাহত ৰাখিছে অনুসন্ধান। গ্ৰেপ্তাৰৰ ভয়ত পি কে দত্ত বহিঃৰাজ্যলৈ গৈ আত্মগোপন কৰাৰ সন্দেহ কৰা হৈছে। প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। বিজেপিৰ যুৱ নেতা দিবন ডেকা প্ৰশ্নকাকতৰ মেনেজমেণ্টৰ দায়িত্বত আছিল। এইগৰাকী বিজেপি নেতাই ক্ষমতাৰ খঁকত বলীয়ান হৈ ফাদিল কৰিছিল প্ৰশ্নকাকত। আৰক্ষীৰ এক সূত্ৰই  জানিবলৈ দিয়া অনুসৰি ১৮ ছেপ্টেম্বৰত ভাৰ্গৱ হোটেললৈ আনিছিল দিবন ডেকাই। হোটেলৰ মেনেজাৰে প্ৰশ্নকাকত লৈ গৈছিল গণেশগুৰিৰ ‘থেংক ইউ লজ’লৈ। উক্ত ফাদিল প্ৰশ্নকাকতেৰে  থেংক ইউ লজত প্ৰাৰ্থীক লৈ হৈছিল পৰীক্ষাৰ আখৰা। থেংক ইউ লজত চলোৱা অভিযান কালত বহু তথ্য পোহৰলৈ আহিছে। আন এক অভিযোগ অনুসৰি সমস্ত ধনৰ লেনদেন হৈছিল পি কে দত্তৰ পত্নীৰ মালিকানাধীন ভাৰ্গৱ হোটেলত। প্ৰাৰ্থী মেনেজমেণ্টৰ দায়িত্বত আছিল পি কে দত্ত। ইতিমধ্যে ৪৮জন প্ৰাৰ্থীৰ তালিকা লাভ কৰিছে অপৰাধ অনুসন্ধান শাখাই। প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবদ ১০ লাখ টকাৰ চুক্তি হৈছিল। উক্ত প্ৰাৰ্থীসকলৰ ভিতৰত ১০জন প্ৰাৰ্থী আছিল ইতিমধ্যে আৰক্ষীৰ জালত পৰা সঞ্জীৱ শৰ্মাৰ। চুক্তি অনুসৰি সঞ্জীৱ শৰ্মাই আগধন হিচাপে ২৯ লাখ টকা আদায় দিছিল। আন এজন মাষ্টাৰমাইণ্ড কুমুদ গোস্বামী। সেই সময়ত কুমুদ গোস্বামীৰ লগত আছিল কুমুদ কলিতা। কুমুদ কলিতা হাজোৰ বামুন্দীত গ্ৰেপ্তাৰ ৰাহুলৰ সম্পৰ্কীয়। কুমুদ কলিতা আৰু কুমুদ গোস্বামীয়ে প্ৰাৰ্থীৰ পৰা আগধন হিচাপে ৫০ণ সংগ্ৰহ কৰিছিল। বৰ্তমানলৈকে কুমুদ কলিতা আৰু কুমুদ গোস্বামী পলাতক হৈ আছে। ইতিমধ্যে এপলো হাস্পতালৰ কম্পিউটাৰ কক্ষ উক্ত কেলেংকাৰীত সাঙোৰ খাই পৰিছে। এপলো হাস্পতালৰ কম্পিউটাৰ কক্ষতেই যাৱতীয় কাৰিকৰী কাম সম্পাদন কৰা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে এপলো হাস্পতালৰ কম্পিউটাৰ কক্ষৰ পৰা ৩৫জন প্ৰাৰ্থীৰ নাম-ঠিকনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এপলো হাস্পতালৰ কম্পিউটাৰ কক্ষ পৰিচালনা কৰা প্ৰাঞ্জল শৰ্মাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শৰ্মাৰ পেনড্ৰাইভতেই উদ্ধাৰ হৈছে প্ৰশ্নোত্তৰৰ ¦ক্ৰীনিং কপি। সমস্ত বিষয়টোক লৈ অনুসন্ধানকাৰী দলটোৱে অভিযান অব্যাহত থকাৰ মাজতেই আজি তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পি কে দত্তৰ অতিকৈ ঘনিষ্ঠ জয়দেৱ বৰুৱাক। উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতেই আত্মগোপন কৰিছিল জয়দেৱ বৰুৱাই। গুৱাহাটীৰ চানমাৰিৰ নিৱাসী জয়দেৱ বৰুৱা ভাৰ্গৱ গ্ৰু¸প অৱ কোম্পানীৰ কৰ্মচাৰী আছিল। পি কে দত্তই জয়দেৱৰ জৰিয়তেই সমস্ত ধন সংগ্ৰহৰ প্ৰক্ৰিয়া চলাইছিল। গুৱাহাটীৰ পৰা পলায়ন কৰি তিনিচুকীয়াত আত্মীয়ৰ ঘৰত আত্মগোপন কৰি থকাৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জয়দেৱ বৰুৱাক। জয়দেৱ বৰুৱাক ইতিমধ্যে চিআইডিয়ে জিম্মাত লৈ মাৰাথন জেৰা চলাইছে। আনহাতে কালি নলবাৰীত গ্ৰেপ্তাৰ হৈছিল নৱ ভাৰত নিৰ্মাণৰ সভাপতি কুলদীপ গোস্বামী। এইগৰাকী লোকৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে এডমিট কাৰ্ড, ছিম কাৰ্ড আৰু প্ৰশিক্ষণ সম্পৰ্কীয় বহু নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়। কুলদীপ গোস্বামীয়ে প্ৰাৰ্থীক আগতীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰিছিল। ধনৰ বিনিময়ত ফাদিল হোৱা প্ৰশ্নকাকতেৰে বছা বছা প্ৰাৰ্থীক লৈ প্ৰশিক্ষণ প্ৰদান কৰিছিল। একেদৰে শুকুৰবাৰে লখৰাৰ ভাৰ্গৱ গ্ৰেণ্ডৰ কৰ্মচাৰী ৰাহুল ডেকাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বামুন্দীত গ্ৰেপ্তাৰ হোৱা কুশল দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুলক গ্ৰেপ্তাৰ কৰা হয়। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ এই ভয়াৱহ কেলেংকাৰীত ওতপ্ৰোতভাৱে সাঙোৰ খাই পৰিছে বিতৰ্কিত আৰক্ষী বিষয়া পি কে দত্তৰ পত্নীৰ মালিকানাধীন ভাৰ্গৱ হোটেল। এই হোটেলতেই প্ৰাৰ্থীসকলৰ পৰা ধনৰ লেনদেন হৈছিল আৰু বছা বছা প্ৰাৰ্থীক সুকীয়া সুকীয়াকৈ ফাদিল প্ৰশ্নকাকতেৰে আগতীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ইতিমধ্যে আৰক্ষীয়ে ভাৰ্গৱ হোটেলত অভিযান চলাই বহু তথ্য জব্দ কৰিবলৈ সক্ষম হয়। উক্ত কেলেংকাৰীৰ মূল অভিযুক্ত পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকা এতিয়াও পলাতক। এই দুই খলনায়ক গ্ৰেপ্তাৰ হ’লেই কেলেংকাৰীৰ বহু তথ্য পোহৰলৈ আহিব। বিশেষকৈ এপিএছচিতকৈও ভয়াৱহ উপ-পৰিদৰ্শক পদৰ কেলেংকাৰীত বিজেপি নেতাৰ নাম সাঙোৰ খোৱা বিষয়টোৱে এতিয়া গেৰুৱা দলটোৰ ভিতৰচ’ৰাত জোকাৰণিৰ সৃষ্টি হৈছে। ৰাজনৈতিক প্ৰভাৱ খটুৱাই এইগৰাকী বিজেপি নেতা কেলেংকাৰীৰ পৰা সাৰি যাব নেকি– সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন হিচাপে চিহ্নিত হৈছে।