Page Nav

HIDE

ভাৰত-ইজৰাইলে যৌথভাৱে নিৰ্মাণ কৰিব অত্যাধুনিক যুদ্ধাস্ত্ৰ

নতুন দিল্লীঃ  চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক লাহে লাহে বেয়াৰ পিনে ঢাল খাইছে। ফলত অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰাৰ লগতে যৌথভাৱে অস্ত্ৰ নিৰ্ম...

নতুন দিল্লীঃ  চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক লাহে লাহে বেয়াৰ পিনে ঢাল খাইছে। ফলত অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰাৰ লগতে যৌথভাৱে অস্ত্ৰ নিৰ্মাণ সম্পৰ্কটো সিদ্ধান্ত লৈ আছে ভাৰতে। এইবাৰ সামৰিক ক্ষেত্ৰত ভাৰত আৰু ইজৰাইলে যৌথভাৱে অত্যাধুনিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ সাজু হৈছে। ভাৰতৰ সামৰিক ক্ষেত্ৰখনত ইজৰাইলী অস্ত্ৰৰ যথেষ্ট অৰিহণা আছে। বালাকোটৰ সন্ত্ৰাসবাদীৰ শিবিৰ ধবংস কৰাৰ বাবে ছেটেলাইট গাইডেদ ইলেকেট্ৰা- অপটিকেল ছেনচৰযুক্ত স্পাইচ বোমা অথবা লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনৰ বিমান বাহিনীৰ গতিবিধিৰ ওপৰত নজৰ ৰখা ‘হেৰন’ দ্ৰোণ বা ফেলকন ইজৰাইলৰে অৱদান। বৰ্তমান সময়ত ভাৰতীয় প্ৰতিৰক্ষা বাহিনী বহু পৰিমাণে ইজৰাইলৰ ওপৰত নিৰ্ভৰশীল। দেশ দুখনৰ যৌথ উদ্যোগত অত্যাধুনিক অস্ত্ৰ তথা সামৰিক সৰঞ্জাম উৎপাদনৰ উদ্দেশ্যে এক ছাব-ৱৰ্কিং গ্ৰুপ প্ৰস্তুত কৰিছে। ভাৰত-ইজৰাইলৰ প্ৰতিৰক্ষা সচিব আৰু অস্ত্ৰ নিৰ্মাণ সংস্থাবিলাকৰ প্ৰতিনিধিসকলে এই গ্ৰুপত অন্তৰ্ভুক্ত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জানিবলৈ দিয়া মতে দ্বিপাক্ষিক চাহিদা পূৰণৰ উপৰিও উৎপাদিত অস্ত্ৰ আৰু সামৰিক সৰঞ্জাম অন্য দেশলৈ ৰপ্তানি কৰাৰ লক্ষ্য লৈছে এই যৌথ গ্ৰুপে। উল্লেখ্য যে ভাৰতে অস্ত্ৰ আমদানি কৰা দেশৰ তালিকাত ইজৰাইলৰ স্থান চতুৰ্থ। ৰাছিয়া, আমেৰিকা আৰু ফ্ৰান্সৰ পিছত ইজৰাইলৰ পৰাই ভাৰতে সৰ্বাধিক অস্ত্ৰ ক্ৰয় কৰে। যোৱা বিত্তীয় বৰ্ষত ইজৰাইলৰ পৰা ভাৰতে ১০০ কোটি ডলাৰ (প্ৰায় ৭,৩৭০ কোটি টকা)ৰ প্ৰতিৰক্ষা সামগ্ৰী আমদানি কৰিছে। ভাৰতৰ প্ৰতিৰক্ষা-গৱেষণা সংস্থা (ডি আৰ ডি অ’)ৰ সৈতে ইতিমধ্যে একাধিক যৌথ কাৰ্যসূচী আৰম্ভ কৰিছে ইজৰাইলে। বাৰাক ক্ষেপণাস্ত্ৰ তিনিটা সংস্কৰণৰ উৎপাদনৰ কাম চলি আছে। এই ক্ষেপণাস্ত্ৰ লাভ কৰিবলৈ হ’লে ভাৰতীয় স্থল সেনাই ১৬,৮৩০ কোটি, বায়ু সেনাই ১০,০৭৬ কোটি আৰু নৌ সেনাই ২৯০৬ কোটি ব্যয় কৰিব লাগিব।