Page Nav

HIDE

কৃষি বিল, তিনিচুকীয়াত অসম জাতীয় পৰিষদৰ সংবাদ মেল

মাইনু মৰাণ : ডুমডুমা, ৩০ ছেপ্টেম্বৰ :  তিনিচুকীয়াত কৃষি আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিলৰ সম্পৰ্কত অসম জাতীয় পৰিষদ সৰৱ হৈ পৰিছে। অসম জাতীয় পৰিষদ...


মাইনু মৰাণ : ডুমডুমা, ৩০ ছেপ্টেম্বৰ :  তিনিচুকীয়াত কৃষি আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিলৰ সম্পৰ্কত অসম জাতীয় পৰিষদ সৰৱ হৈ পৰিছে। অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞাই তিনিচুকীয়াত এখন  সংবাদমেলৰ সম্বোধন কৰে৷ অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞাই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা কৃষি আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিলৰ তীব্ৰ বিৰোধিতা কৰে । ইফালে  চাউল, দাইল, মিঠাতেল, পিয়াজঁ, আলুৱেই যদি অত্যাৱশ্যকীয় সামগ্ৰী নহয় তেন্তে অত্যাৱশ্যকীয় সামগ্ৰী কোনবোৰ বুলি ভূঞাই প্ৰশ্ন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা কৃষিবিলৰ সন্দৰ্ভত স্পষ্টিকৰণ প্ৰকাশ কৰিবলৈকো দাবী জনাইছে ৷ অতিশীঘ্ৰে এই বিল বাতিলৰ বাবে চৰকাৰক দাবী জনাই বিলখন বলপূৰ্বকভাৱে জাপি দি  কোনো কাৰণতে সাধাৰণ খাতি খোৱা লোকৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব নকৰিবলৈ চৰকাৰক অসম জাতীয় পৰিষদৰ সমন্বয়ক জগদীশ ভূঞাই দাবী উত্থাপন কৰিছে ।