Page Nav

HIDE

জনপ্ৰিয় অভিনেতা মন্টু শইকীয়া

বাল্যকালৰে পৰা অভিনয়ৰ প্ৰতি দূৰন্ত হেপাহৰ ফলতেই আজিৰ তাৰিখত অসমীয়া সংস্কৃতিৰ বৰপথাৰত স্বকীয় অভিনয় পাৰদৰ্শিতাৰে প্ৰতিগৰাকী সচেতন দৰ্শকৰ মন জয়...


বাল্যকালৰে পৰা অভিনয়ৰ প্ৰতি দূৰন্ত হেপাহৰ ফলতেই আজিৰ তাৰিখত অসমীয়া সংস্কৃতিৰ বৰপথাৰত স্বকীয় অভিনয় পাৰদৰ্শিতাৰে প্ৰতিগৰাকী সচেতন দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা অভিনেতা জনেই হৈছে নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা মন্টু শইকীয়া।অভিনেতা গৰাকীৰ অভিনয় প্ৰতি থকা অগাধ স্পৃহাৰ বাবে শৈশৱৰ পৰাই জড়িত হৈছিল অভিনয় বিশাল ক্ষেত্ৰখনত।তেও পোন প্ৰথমবাৰৰ ২০০৯ চনত জানমনি আৰু অচিনাকি মন শীৰ্ষক  ভিচিডি দুখনৰ মাধ্যেমেৰে অসমৰ দৰ্শকৰ মাজলৈ আগমন ঘটে।প্ৰথম অভিষেকতে দৰ্শকে তেওৰ অভিনয়ৰ মাজত বিচাৰি পাইছিল কিছু নতুনত্বৰ আমোদ যাৰ বাবে তেও পৰৱৰ্তী পৰ্য্যায়ত থমকি ৰব লগা নহল,কৰি গল এখনৰ পিছত আন এখন জনপ্ৰিয় ধাৰাবাহিকৰ বহুকেইটা গুৰুত্বপূৰ্ণ চৰিত্ৰ।জোনাকৰ বৰষুণ,তুমি দুচকুত কাজল ললে,অস্তিত্ব,বোৱাৰী নং ১,কোন মোৰ আপোন,পৰিচয়,সেন্দূৰ,আকাশৰ ঠিকনা বিচাৰি,সপোন,আবেলীৰ ৰামধেনু,অৰ্ধাংগিনী,ৰদালি,অহল্যা আদি ধাৰাবাহিকত তেও অভিনয়ে সৰ্বস্তৰৰ দৰ্শকৰ মানস পটত ক্ৰিয়া কৰিবলৈ সক্ষম হৈছিল।সমান্তৰালকৈ তেও কৰি গৈছিল দূৰ,তুমি যদি কোৱা আদি বোলছবিতো অপৰূপ অভিনয়।

একেদৰে কেমেৰাৰ লগতে মঞ্চতো তেওৰ অপ্ৰতিৰোধ্য অভিনয়ৰ স্বাক্ষৰ বহন কৰিছে পিয়লি ফুকন,লালোকসোলা,ৰূপালীম,কাৰেঙৰ লিগিৰী,আশ্ৰয় আদি নাটকত।শেহতীয়া ভাৱে অভিনেতা গৰাকী চৰ্চালৈ আহিছে দৰ্শকৰ মাজত ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা ৰাধিকা শীৰ্ষক ধাৰাবাহিকখনত ৰূপায়ন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ বাবে।ইতিমধ্যে দৰ্শকে ধাৰাবাহিকখনৰ লগতে মন্টু শইকীয়াৰ চৰিত্ৰটিক যথেষ্ট আকোৱালি লোৱা পৰিলক্ষিত হৈছে।অভিনেতাগৰাকীক পুনৰ অসমৰ দৰ্শক ৰাইজে দেখিবলৈ পাব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ পৰিচালিত তথা জনপ্ৰিয় নাট্যকাৰ,গীতিকাৰ,চিত্ৰনাট্যকাৰ ৰাজদ্বীপৰ চিত্ৰনাট্যৰে আহিবলগীয়া বিগ বাজেটৰ অসমীয়া বোলছবি ড° বেজবৰুৱা ২ ত এক বিশেষ চৰিত্ৰত।।

 ভিকি শৰ্মা 🖋️🖋️