Page Nav

HIDE

মাজুলীৰ পৰা উমানন্দলৈ ভুৰেৰে যাত্ৰা দুই যুৱকৰ। প্ৰকৃতি সুৰক্ষাৰ বাবে এক ব্যতিক্রমী পদক্ষেপ

গণ বার্তা, যোৰহাট, ৩১ চেপ্তেম্বৰঃ  এখন বাঁহৰ নাৱত দুজন যুৱকৰ এক ব্যতিক্ৰমী যাত্ৰা। বৃহত্তম নদীদ্বীপৰ পৰা কনিষ্ঠতম নদীদ্বীপলৈ। প্ৰকৃতিৰ সুৰক্...


গণ বার্তা, যোৰহাট, ৩১ চেপ্তেম্বৰঃ  এখন বাঁহৰ নাৱত দুজন যুৱকৰ এক ব্যতিক্ৰমী যাত্ৰা। বৃহত্তম নদীদ্বীপৰ পৰা কনিষ্ঠতম নদীদ্বীপলৈ। প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থৰ লগতে বিশাল ব্ৰহ্মপুত্ৰৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অসমৰ  পৰ্যটন ক্ষেত্ৰ খনক দেশ-বিদেশী পৰ্যটকৰ দৃষ্টি গোচৰ কৰিবৰ বাবে পৃথিৱীৰ বৃহত্তম নদীৰ দ্বীপ মাজুলীৰ পৰা ক্ষুদ্ৰতমতম নদী দ্বীপ উমানন্দলৈ যাত্রা কৰিছে এইকেইজন অসমীয়া যুৱকে। দুজন যুৱক, নাম  ৰিচান দ'লে আৰু শেখৰ বৰদলৈ ।যাত্ৰা আৰম্ভ কৰিছে এখন বাঁহৰ ভুৰত মাজুলীৰ কাত্তি্ক চাপৰিৰ পৰা ক্ষুদ্ৰতম নদীদ্বীপ গুৱাহাটীৰ উমানন্দলৈ। আজি অৰণ্য মানৱ যাদৱ পায়েঙে শুভ উদ্ধোধন কৰিলে এই ব্যতিক্ৰমী যাত্ৰাৰ।  এই দুঃ-সাহসিক যাত্রাক কেমেৰাৰ লেন্সত আবদ্ধ কৰি ৰাখিবৰ বাবে তেওঁলোকৰ সহযাত্ৰী হৈছে নয়ন বৰদলৈ নামৰ আন এজন যুৱক। প্ৰকৃতি তুষ্ট থাকিলে তেওঁলোকৰ এই যাত্রাত সময়ৰ প্ৰয়োজন হ'ব সম্পূৰ্ণ দীঘলীয়া ছটা দিনৰ। ( ঋতুৰাজ ফুকন, যোৰহাট )