Page Nav

HIDE

ৰাজনীতিৰ পৰা অৱসৰ ল’ব বিধানসভাৰ অধ্যŽক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে

  ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃ আগন্তুক বিধানসভা নিৰ্বাচনত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট বিধানসভা সমষ্টি...

 


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃ আগন্তুক বিধানসভা নিৰ্বাচনত অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেই লৈ এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। বিশেষকৈ ৰাজনীতিৰ পৰা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে অৱসৰ ল’ব নেকি• আজি যেন তাৰেই এক ইংগিত প্ৰদান কৰে। অধ্যক্ষগৰাকীয়ে সাংবাদিকৰ আগত কয়– ‘নিৰ্বাচন খেলা-নেখেলাটো প্ৰথম তেওঁৰ কথা। দ্বিতীয়তে দলে টিকট দিব নে নাই সেয়া দলে সিদ্ধান্ত ল’ব। নিৰ্বাচনলৈ সময় আছে, মই এতিয়া নিৰপেক্ষভাৱে অধ্যক্ষ হিচাপে কাম কৰি আছো। নিৰ্বাচনী আচৰণবিধি ঘোষণা হোৱাৰ পিছতহে কথাবোৰ ক’ব পৰা যাব।’ অৱসৰৰ প্ৰসংগ উত্থাপন কৰি অধ্যক্ষ গোস্বামীয়ে কয় যে সকলোৰে অৱসৰৰ এটা সময় থকা উচিত। আমেৰিকাত দুবাৰহে নিৰ্বাচন খেলিব পাৰে। একপ্ৰকাৰ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ ইংগিত প্ৰদান কৰে অধ্যক্ষগৰাকীয়ে। এই মন্তব্য অধ্যক্ষগৰাকীৰ সম্পূৰ্ণ ব্যক্তিগত আছিল। যি কি নহওক ২০২১ৰ বিধানসভা নিৰ্বাচনত অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে অৱসৰ ল’ব নে পুনৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব সেয়া সময়েহে ক’ব।