Page Nav

HIDE

থেংক ইউ লজৰ গোপন পৰীŽক্ষাৰ নায়ক দিবন ডেকাঃ এছ আই কেলেংকাৰীত সাঙুৰ খাইছে কে’বাজনো বিধায়কৰ নাম !

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭  নৱেম্বৰ :   বিজেপি নেতা দিবন ডেকাৰ নেতৃত্বতে প্ৰশ্নকাকত ফাদিল কেলেংকাৰী সংঘটিত হৈছিল। পৰীক্ষাৰ পূৰ্বে প্ৰশিক্...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭  নৱেম্বৰ :   বিজেপি নেতা দিবন ডেকাৰ নেতৃত্বতে প্ৰশ্নকাকত ফাদিল কেলেংকাৰী সংঘটিত হৈছিল। পৰীক্ষাৰ পূৰ্বে প্ৰশিক্ষণ দিয়াৰ সকলো পৰিকল্পনা প্ৰস্তুত কৰিছিল দিবন ডেকাই। আৰক্ষীৰ জেৰাত এটাৰ পিছত এটাকৈ বিস্ফোৰক স্বীকাৰোক্তি দিছে থেংক ইউ ল’জৰ স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মাই। উল্লেখ্য যে থেংক ইউ ল’জ আৰু হোটেল ভাৰ্গৱ গ্ৰেণ্ডত প্ৰশ্নকাকত ফাদিল কৰি ১৯ ছেপ্টেম্বৰতেই পৰীক্ষা অনুষ্ঠিত কৰিছিল এটা বৃহৎ চক্ৰই। এই বৃহৎ চক্ৰৰ নেতৃত্বত আছিল বিজেপি নেতা দিবন ডেকা আৰু প্ৰাক্তন আৰক্ষী বিষয়া পি কে দত্ত। ইপিনে, প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এজনৰ পিছত এজনকৈ গ্ৰেপ্তাৰ হ’ব ধৰিছে কলংকিত নায়ক। চাকৰিৰ আশাত ধন দিয়া পাঁচজনকৈ লোকক আজি নলবাৰীত গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে, আজি চি আই ডি আৰু ক্ৰাইম ব্ৰান্সে মহানগৰীৰ কে’বাস্থানতো অভিযান চলায়।
 পল্টনবজাৰস্থিত হোটেল ভাৰ্গৱ ইতিমধ্যে ছীল কৰিছে আৰক্ষী বিভাগে। লক্ষ্যণীয় যে প্ৰাঞ্জল বৰুৱা, অলকেশ দাস নামৰ আই টি বিভাগৰ কৰ্মচাৰীয়ে কাৰিকৰী দিশটো চোৱাচিতা কৰাৰ লগতে প্ৰশ্ন আৰু উত্তৰ বহী স্কেন কৰি পেনড্ৰাইভত ৰাখিছিল। এপল’ হাস্পতালত আই টি বিভাগত কাম কৰা এই দুজন ব্যক্তিক জেৰা কৰাৰ পিছতে কেলেংকাৰীৰ সৈতে জড়িত ৩৫জন প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে লাভ কৰিছে আৰক্ষীয়ে। তদুপৰি এপল’ হাস্পতালৰ কম্পিউটাৰ কক্ষৰ পৰা বিস্ফোৰক তথ্য লাভ কৰিছে। ইপিনে, আৰক্ষীৰ জেৰাত এটাৰ পিছত এটাকৈ বিস্ফোৰক তথ্য প্ৰদান কৰিছে প্ৰাঞ্জল শৰ্মাই। থেংক ইউ ল’জত গোপনে পৰীক্ষাৰ অনুশীলন চলাৰ বাবে দিবন ডেকাই সকলো পৰিকল্পনা গ্ৰহণ কৰিছিল। ১৫ ছেপ্টেম্বৰত এই সন্দৰ্ভত ফোনযোগে স্বত্বাধিকাৰীৰ সৈতে কথা পাতিছিল দিবন ডেকাই। ল’জখনত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰাঞ্জল শৰ্মাৰ সৈতেও দিবন ডেকায়ো ফোনত কথা পাতিছিল। এছ আইৰ খালী পদৰ নিযুক্তিৰ বাবে আগতীয়াকৈ ধন লোৱা পৰীক্ষাৰ্থীৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বাবে কোঠা ভাৰালৈ লৈছিল আৰু ইয়াৰ বাবদ ল’জ কৰ্তৃপক্ষই দিবনৰ পৰা ৫০ হাজাৰ টকা লৈছিল। পৰীক্ষাৰ বাবে দুজন প্ৰশিক্ষক অহাৰ কথা আছিল যদিও অন্তিম মুহূৰ্তলৈকে নহাত নিজেই প্ৰাৰ্থীসকলক প্ৰশিক্ষণ দিছিল দিবন ডেকাই। ফোনযোগে এ পি দা আৰু শৰ্মাদা বুলি প্ৰশিক্ষক দুজনক সম্বোধন কৰিছিল দিবন ডেকাই। প্ৰশিক্ষণৰ ক্ষেত্ৰত ল’জখনৰ আনজন স্বত্বাধিকাৰী প্ৰণৱ বৰাই দিবনক সহযোগিতা আগবঢ়াইছিল। হোৱাইট ব’ৰ্ডত প্ৰশ্নৰ উত্তৰ লিখিছিল প্ৰণৱ ডেকাই। 

ইপিনে প্ৰশ্নকাকত কেলেংকাৰীক লৈ শাসকীয় বিধায়কৰ নামো সাঙুৰ খাই পৰা পৰিলক্ষিত হৈছে। প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাক লৈ ছ’চিয়েল মিডিয়াত বিভিন্নজনে বিধায়কৰ নাম উল্লেখ কৰি প্ৰশ্নকাকত কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে। লক্ষ্যণীয় যে সততে বাতৰিত প্ৰকাশিত হৈ থকা দিবন ডেকাৰ এখন ফটোত লুকাই আছে নিযুক্তি কেলেংকাৰীৰ বহুতো ৰহস্য। পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে দিবন ডেকাৰ ফটোৰ আঁৰত লুকাই থকা নিযুক্তি কেলেংকাৰীৰ ৰহস্য ফাদিল কৰিব দৈনিক ‘গণ অধিকাৰ’-এ।