Page Nav

HIDE

বিদায় দিলদাৰ ৰেজ্জা

ছাহজাহান তালুকদাৰ :   অসমৰ সংখ্যালঘু আন্দোলনৰ লগত যিমানগৰাকী নেতা আমি লগ পাইছোঁ, তাৰ ভিতৰত দিলদাৰ ৰেজ্জা আছিল অন্যতম ব্যতিক্ৰমধৰ্মী নেতা। দি...

ছাহজাহান তালুকদাৰ :  অসমৰ সংখ্যালঘু আন্দোলনৰ লগত যিমানগৰাকী নেতা আমি লগ পাইছোঁ, তাৰ ভিতৰত দিলদাৰ ৰেজ্জা আছিল অন্যতম ব্যতিক্ৰমধৰ্মী নেতা। দিলদাৰ ৰেজ্জা নামটোৱেই আছিল তেওঁৰ পৰিচয়। কেতিয়াবা আমি প্ৰশ্ন কৰিছিলোঁ যে দিলদাৰ নামটো কোনে দিছিল। মানুহজনৰ কাম-কাজত নামেই পৰিচয় আছিল। মানুহজনৰ মনটোও আছিল বৰ দিলদাৰ। আমাৰ চকুৰ আগতে দেখিছোঁ তেখেতে কিমানজনক সহায় কৰিছে, সেয়া এই লেখাত শেষ কৰা সম্ভৱ নহয়। 

১৯৯৪ চনৰ বড়ো-অবড়োৰ হিংসাত্মক ঘটনাৰ প্ৰকৃত ছবি দাঙি ধৰাৰ উদ্দেশ্যে জন্মলাভ কৰিছিল ‘গণ অধিকাৰ’ কাকত। সেই সময়ত দিলদাৰ ৰেজ্জাকে আদি কৰি কে’বাজনো মন্ত্ৰী-বিধায়কৰ ভূমিকাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল সংখ্যালঘু ৰাইজে। সেই সময়ৰ সংখ্যালঘু মন্ত্ৰী দিলদাৰ ৰেজ্জা, ছামছুল হক, ইছমাইল হুছেইন, জেহেৰুল হক, ৰছিদুল হক আদিসকলৰ ভূমিকাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰা সংখ্যালঘু ৰাইজৰ প্ৰবল প্ৰতিবাদ ‘গণ অধিকাৰ’ত প্ৰকাশ পাইছে। মন্ত্ৰিত্বৰ গাদীত থাকি সেই সময়ৰ সংঘৰ্ষপীড়িত লোকসকলক সহায় কৰিব নোৱাৰাৰ বেদনা আমি দূৰৈৰ পৰাই উপলব্ধি কৰিব পাৰিছিলোঁ। আমাৰ ক্ষুৰধাৰ সমালোচনাক তেওঁ সদায় নতশীৰে স্বীকাৰ কৰি বাস্তৱ উপলব্ধিৰে তেওঁৰ অপাৰগতা মানি লৈছিল। দিলদাৰ ৰেজ্জা উচ্চ শিক্ষিত নহ’লেও মন্ত্ৰী হিচাপে উচ্চস্তৰৰ আমোলা-বিষয়াসকলৰ লগত তেওঁৰ ঘনিষ্ঠতা বজাই ৰাখি সাধাৰণ জনতাৰ বাবে তেওঁ দেহেকেহে খাটিছিল, এই কথা সকলোৱে প্ৰত্যক্ষ কৰিছিল। চৰকাৰী কাম-কাজৰ উপৰিও সামাজিকভাৱে অসমৰ সংখ্যালঘু ৰাইজৰ হৈ তেওঁ চিন্তা কৰিছিল। গৰীব-দুখীয়া নিৰীহ লোকক আৰ্থিকভাৱে সহায় কৰা আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীৰ বেমাৰ-আজাৰ তথা বিয়া-বাৰুৰ ক্ষেত্ৰত তেওঁ অনেকজনক সহায়-সহযোগ কৰাত কুণ্ঠাবোধ কৰা নাছিল। এজনৰ পৰা ধাৰ কৰি আনি আন এজন দুখীয়া-নিচলাক সহায় কৰাটো তেওঁৰ এক স্বভাৱগত আচৰণ আছিল। দুখীয়া ল’ৰা-ছোৱালীক পঢ়া-শুনাৰ ক্ষেত্ৰত দিলদাৰ ৰেজ্জাই আন্তৰিকতাৰে সহায় কৰা আমি প্ৰায়ে দেখি থকা ঘটনা আছিল। তেওঁৰ সমষ্টিত বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত অসমৰ সংখ্যালঘু মন্ত্ৰীসকলৰ মাজৰ তেওঁ আছিল অন্যতম। ইয়াৰোপৰি অন্যান্য সংখ্যালঘু মন্ত্ৰী-বিধায়কতকৈ দিলদাৰ ৰেজ্জাই সমষ্টিবাসীৰ মাজত ওতপ্ৰোতভাৱে জড়িত হৈ এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। চৰ-চাপৰিৰ বিদ্যালয়-মহাবিদ্যালয়সমূহত তেওঁৰ উদ্যোগত বিভিন্ন বাৰ্তালোচনী, ¦³¨ল আলোচনী, বিভিন্ন অভাৱ-অভিযোগসম্পন্ন কিতাপ-পত্ৰ প্ৰকাশৰ ক্ষেত্ৰত দিলদাৰ ৰেজ্জা একমাত্ৰ আগৰণুৱা ব্যক্তি হিচাপে পৰিচিত আছিল। ছাত্ৰ অৱস্থাৰ পৰাই দিলদাৰ ৰেজ্জা সামাজিক কাম-কাজত জড়িত হৈ পৰে। পঞ্চায়ত পৰ্যায়ৰ নেতাৰ পৰা বিধায়ক, পিছলৈ মন্ত্ৰী হিচাপে ৰাইজৰ সেৱা আগবঢ়াইছিল। আলোপতি, বাঘবৰ, মন্দিয়া, বৰপেটা, বাঘবৰ ইত্যাদি বিভিন্ন অঞ্চলত দিলদাৰ ৰেজ্জাই পতা অনুষ্ঠানত উপস্থিত থাকি বিভিন্ন দল-সংগঠনৰ লগত চিনাকি পৰিচয় হোৱাৰ সুযোগ পাইছিলোঁ। দিছপুৰ লাষ্টগেটত থকা সময়ত তেখেতৰ দুৰ্দিনতো সদায় লোকাৰণ্য হৈ থাকে তেওঁৰ বাসভৱন।

দিলদাৰ ৰেজ্জা চৰ-চাপৰিৰ ৰাইজৰ কাৰণে এক সৈনিকতুল্য আছিল বুলি বহুতেই মন্তব্য কৰে। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত দিলদাৰ ৰেজ্জাৰ উদ্যোগত চৰ-চাপৰিৰ বাবে এমবিবিএছ পঢ়াৰ দুখন আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। দিলদাৰ ৰেজ্জাই জীৱিত কালত গোটেই জীৱন ৰাইজৰ বাবে অতিবাহিত কৰিলে বুলি ক’ব পাৰি। তেওঁ এজন একনিষ্ঠ কংগ্ৰেছ কৰ্মী আছিল। 

১৯৫৫ চনত আলোপতি চৰত এটা দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা দিলদাৰে ১৯৮৫ চনত আঞ্চলিক সদস্য হিচাপে ৰাজহুৱা জীৱনত তথা ৰাজনৈতিক জীৱনযাত্ৰাত খোজ পেলায়। ১৯৯১ চনত প্ৰথমে নিজ সমষ্টি বাঘবৰৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈ প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত চৰ উন্নয়ন আৰু সংখ্যালঘু ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০১ চনত দ্বিতীয়বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ দিলদাৰ ৰেজ্জাই  সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। গৰীবৰ বন্বুূ বুলি পৰিচিত দিলদাৰ ৰেজ্জা ২০০৬ চনত তৃতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত অসম চৰকাৰৰ গৃহ বিভাগৰ সংসদীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। 

প্ৰায় ১০ বছৰ কাল দিলদাৰ ৰেজ্জাই মধুমেহ ৰোগত ভুগি অৱশেষত কিড্নী বিকল হৈ পৰে। পৰৱৰ্তী কালত কিড্নী সলায় যদিও দীৰ্ঘদিন ধৰি ৰুগীয়া দেহাৰে চাৰিবেৰৰ ভিতৰত আবদ্ধ হৈ দিন অতিবাহিত কৰিছিল। এই সময়খিনি ৰেজ্জা চাহাবৰ জীৱন বৰ কষ্টৰে পাৰ কৰিবলগীয়া হয় আৰু মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত যোৱানিশা গুৱাহাটীস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দিলদাৰ ৰেজ্জাৰ মৃত্যুত আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। অসম নিপীড়িত তথা চৰ-চাপৰিবাসীয়ে দিলদাৰৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰিছে। এই মৃত্যুৰ খবৰে সমগ্ৰ অসমতেই এক শোকৰ ছাই বিৰাজ কৰিছে। দিলদাৰ ৰেজ্জাৰ মৃত্যুত অসমৰ সংখ্যালঘু জনগণে এক যোদ্ধা, দৰদী নেতা আৰু এজন দিলদাৰ ব্যক্তি হেৰুৱালে। এই মৃত্যু সঁচাকৈ এক অপূৰণীয় ক্ষতি। মৃত্যুৰ সময়ত দিলদাৰ ৰেজ্জাই পত্নীসহ দুজন পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি যায়। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক বুলি মহান সৃষ্টিকৰ্তাৰ ওচৰত দোৱা মাগিছোঁ আৰু তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ।