Page Nav

HIDE

কৃষক বিৰোধী আইনৰ বিৰুদ্ধে ২৫ ছেপ্টেম্বৰত কৃষক সভাৰ প্ৰতিবাদঃ এনডিএ চৰকাৰৰ বিৰুদ্ধে সৰৱ বামপন্থী ছাত্ৰ সংগঠন

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃ কৃষকবিৰোধী বিধেয়ক গৃহীত কৰি পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়াৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে।...

Gana Adhikar


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃ কৃষকবিৰোধী বিধেয়ক গৃহীত কৰি পুঁজিপতিক ৰঙা দলিচা পাৰি দিয়াৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে। অহা ২৫ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে অল ইণ্ডিয়া কিষাণ কো-অৰ্ডিনেচন কমিটীৰ প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন জনাই বামপন্থী ছাত্ৰ সংগঠন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। আজি এক বিজ্ঞপ্তিযোগে এআইএছডিঅ’ৰ অসম কমিটীৰ সম্পাদক হেমন্ত পেগু, এছএফআইৰ অসম কমিটীৰ সভাপতি কাশ্যপ চৌধুৰী, এআইএছএফৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি মানস বৰা, এআইএছএৰ সভাপতি সুব্ৰত তালুকদাৰে এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অত্যন্ত অন্যায়ভাৱে কেন্দ্ৰৰ বিজেপি পৰিচালিত এনডিএ চৰকাৰে কৃষকবিৰোধী তিনিখন বিধেয়ক যথাক্ৰমে অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) বিল-২০২০, কৃষক (ক্ষমতা আৰু সংৰক্ষণ) চুক্তি আৰু কৃষিভিত্তিক বিল-২০২০ আৰু কৃষিজাত দ্ৰব্য উৎপাদন আৰু ব্যৱসায়-বাণিজ্য বিল-২০২০ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত সংসদত গৃহীত কৰিছে। ইয়াৰ বিৰুদ্ধে ২৫০টা কৃষক সংগঠনৰ দ্বাৰা গঠিত ‘অল ইণ্ডিয়া কিষাণ কো-সংঘৰ্ষ অৰ্ডিনেচন কমিটী’ৰ উদ্যোগত অহা ২৫ ছেপ্টেম্বৰত গ্ৰামীণ ভাৰত বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে বিভিন্ন কৃষক আৰু শ্ৰমিক সংগঠনৰ উদ্যোগত অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। ইতিমধ্যে শাসক শ্ৰেণীৰ অন্যায় আৰু নিৰ্দয় সিদ্ধান্তৰ ফলত দেশৰ ছাত্ৰ-যুৱক, নিবনুৱা, কৃষক, সাধাৰণ মধ্যবিত্ত মানুহৰ জীৱন সৰ্বস্বান্ত হৈ পৰিছে। এনে এক সংকটৰ সময়ত সকলো অংশৰ জনসাধাৰণ একত্ৰিত হৈ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাটোৱেই হৈছে সময়ৰ আহ্বান। সেয়েহে সমগ্ৰ দেশৰ লগত অসমতো এআইডিএছঅ’, এছএফআই, এআইএছএফ আৰু এআইএছএ বামপন্থী ছাত্ৰ সংগঠনসমূহে যৌথভাৱে অল ইণ্ডিয়া কিষাণ সংঘৰ্ষ কো-অৰ্ডিনেচন কমিটীয়ে যি ‘গ্ৰামীণ ভাৰত বন্ধ’ৰ আহ্বান জনাইছে তাৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছো। আমাৰ ৰাজ্যৰ সকলো অংশৰ ৰাইজক সক্ৰিয় অংশগ্ৰহণ আৰু সকলো ধৰণৰ সহযোগিতাৰ বাবে আহ্বান জনালোঁ, যাতে চৰকাৰে বাধ্য হৈ এই জনবিৰোধী সিদ্ধান্ত বাতিল কৰে।