Page Nav

HIDE

আইপিএল-২০২০ত প্ৰথমখন মেচ জয় হায়দৰাবাদৰ ঃ ১৫ ৰানত পৰাস্ত দিল্লী কেপিটেলছ

আবুধাবি,৩০ ছেপ্টেম্বৰ: ১১সংখ্যাক মেচখনত আজি হায়দৰাবাদে দিল্লীক কেপিটেলছক ১৫ ৰানত পৰাস্ত কৰে৷ ছানৰাইজাৰ হায়দৰাবােদ প্ৰথমে বেট ধৰিবলৈ আহি ২০ অ...

আবুধাবি,৩০ ছেপ্টেম্বৰ: ১১সংখ্যাক মেচখনত আজি হায়দৰাবাদে দিল্লীক কেপিটেলছক ১৫ ৰানত পৰাস্ত কৰে৷ ছানৰাইজাৰ হায়দৰাবােদ প্ৰথমে বেট ধৰিবলৈ আহি ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৬২ ৰান সংগ্ৰহ কৰে৷  ছানৰাইজৰ হাদৰাবাদৰ হৈ ডেভিড ৱাৰ্নাৰে দুটা ৬ আৰু তিনিটা ৪ৰ সহায়ত ৩৩ টা বলত ৪৫ ৰান, জনী ব্ৰেষ্টই দুটা ৪ আৰু এটা ৬ৰ সহায়ত ৪৮টা বলত ৫৩ ৰান আৰু উলিয়ামছনে  ৫টা চাৰিৰ সহায়ত ২৬ বলত ৪১ ৰান আৰু আব্দুল ছামাদে ৭ বলত ১২ৰ সহায়ত দিল্লী কেপিটেলছক ১৬৩ ৰানৰ লক্ষ্য বান্ধি  দিয়ে৷ উক্ত লক্ষ্য আগত লৈ  দিল্লী কেপিটেলছে খেলিবলৈ আহি মাত্ৰ ৫ বল খেলি পৃথিভী শ্ব’ প্ৰেভিলিয়নমুখী হয়৷ তাৰ পিছত শিখৰ ধাৱনে  মেচখন কিছু জয়ৰ  দিশে নিয়াৰ চেষ্টা কৰে যদিও ৩১ ৰানত আউট হ’বলগীয়া হয়৷  একেদৰে  ঋষভ পণ্টৰ ওপৰত কিছু  জয়ৰ আশা কৰিছিল যদিও পণ্টো ২৮  ৰানতে আউত  হোৱাত শেষৰ ফালৰ বেটছেম সকলৰ সহায়ত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৪৭ ৰান কৰিবলৈ সক্ষম হয় দিল্লী কেপিটেলছ৷ আৰু এইদৰে ছানৰাইজাৰ হায়দৰাবাদৰ বিপক্ষে মেচখনত ১৫ ৰানত পৰাস্ত হয়৷ ছানৰাইজাৰৰ হৈ ৰছিদ খানে ৩টা, ভুৱনেশ্বৰ কুমাৰে ২টা, খলিল আহমেদ আৰু  টি নটৰাজনে এটাৈক উইকেট লাভ কৰে৷ মেচখনত ‘মেন অব দ্য মেচৰ সন্মান লাভ কৰে ৰছিদ খানে৷