Page Nav

HIDE

জকাইৰ শৰাইঘাট নামঘৰত গুৰু জয়ন্তী উদযাপন

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৯চেপ্তেম্বৰঃ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত জকাই অঞ্চলৰ অন্যতম আগশাৰী ধৰ্মীয় অনুষ্ঠান জকাই শৰাইঘাট...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ২৯চেপ্তেম্বৰঃ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত জকাই অঞ্চলৰ অন্যতম আগশাৰী ধৰ্মীয় অনুষ্ঠান জকাই শৰাইঘাট  নামঘৰত    যোৱা ২৬ আৰু ২৭চেপ্তেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭২তম (গুৰু জয়ন্তী)ক'ভিড-১৯ৰ নীতি মতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি জন্মোৎসৱ উদযাপন হৈ যায়।এই উপলক্ষে ২৬চেপ্তেম্বৰত পূৱা উষা কীৰ্ত্তন কৰে যুৱ ভকত দিবাকৰ হাজৰিকাই " ধৰ্মধ্বজা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মোহোৰাম কলিতাই ' কাৰ্যসূচীৰ আতঁধৰে নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক হৰকান্ত হাজৰিকাই।শ্ৰীমন্ত শংকৰ দেৱৰ জন্মোৎসৱৰ সৈতে সংগতি ৰাখি নামপ্ৰসঙ্গত নামাচাৰ্য গয়াৰাম হাজৰিকাই পৰিবেশন কৰে।দিনৰ ১-৩০বজাত জকাই শৰাইঘাট নামঘৰৰ জেষ্ঠ বৈষ্ণৱ ৰত্নেশ্বৰ কলিতাই শ্ৰীমদ্ভাগৱত পাঠৰ "দশম স্কন্ধ" উদ্ধোধন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ একশৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰাসঙ্গিকতা আৰু আধ্যাত্মিক তত্বৰ ওপৰত বক্তব্য প্ৰকাশ কৰে।   গুৰু জয়ন্তীৰ সৈতে সংগতি ৰাখি ২৬চেপ্তেম্বৰ পৰা২৭চেপ্তম্বৰৰ ১০বজালৈ শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানত বৈষ্ণৱপ্ৰাণ  মাখন হাজৰিকা, কুশৰাম কলিতা, মোহোৰাম কলিতা , গয়াৰাম হাজৰিকা আৰু যুৱ বৈষ্ণৱ হৰিকান্ত হাজৰিকা, ৰাম হাজৰিকা, দিলিপ কলিতা , হৰকান্ত হাজৰিকা , নিত্যানন্দ হাজৰিকা, প্ৰমোদ কলিতা  প্ৰাণজিত সোনোৱাল, বকুল হাজৰিকা, হৰকান্ত হাজৰিকা  প্ৰমুখ্যে কুৰিজন ভকতে ভাগৱত পাঠ কৰে । জকাই শৰাইঘাট নামঘৰৰ সকলো ভকত বৈষ্ণৱ আৰু আয়তী সকলে শ্ৰীমন্তশংকৰ দেৱ জন্মোৎসৱ উপলক্ষে সেৱা আগবঢ়ায়।

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা। ]