Page Nav

HIDE

এন ডি এৰ পৰা আঁতৰি আহিল আকালি দল, কৃষকবিৰোধী বিজেপি চৰকাৰঃ সুখবীৰ সিং বাদল

নতুন দিল্লী, ২৭ ছেপ্টম্বৰ ঃ এন ডি এ মহাজোঁটৰ সৈতে দীৰ্ঘবছৰে জড়িত হৈ থকা মিত্ৰদল আকালি দলে সংসদত গৃহীত হোৱা কৃষি সম্বন্ধীয় বিধেয়কৰ বিৰোধিতা ক...


নতুন দিল্লী, ২৭ ছেপ্টম্বৰ ঃ এন ডি এ মহাজোঁটৰ সৈতে দীৰ্ঘবছৰে জড়িত হৈ থকা মিত্ৰদল আকালি দলে সংসদত গৃহীত হোৱা কৃষি সম্বন্ধীয় বিধেয়কৰ বিৰোধিতা কৰি মহাজোঁট ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। এন ডি এৰ পৰা এটাৰ পিছত আন এটা মিত্ৰ দল আঁতৰি আহিছে। এন ডি এৰ পুৰণি মিত্ৰদল ৰূপে পৰিগণিত আকালি দলৰ প্ৰমুখ সুখবীৰ সিং বাদলে কালি নিশা আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে তেওঁলোক এন ডি এ মহাজোঁটৰ পৰা আঁতৰি আহিছে। ইয়াৰ পূৰ্বে এন ডি এ মহাজোঁটৰ পৰা আঁতৰি আহিছিল পিডিপি আৰু শিৱসেনা। এইবাৰ মহাজোঁটৰ পৰা আকালি দল আঁতৰি আহিছে। আকালি দলৰ সৈতে মিত্ৰতা কৰি পঞ্জাবত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল। কিন্তু কৃষি সম্বন্ধীয় তিনিখন বিধেয়ক বিজেপিয়ে দুয়োখন সদনত গৃহীত কৰি আইনী ৰূপ দিবলৈ বিচৰা কাৰ্যৰ বিৰোধিতা কৰি এনডিএ ত্যাগ কৰিছে আকালী দলে। শেহতীয়াভাৱে আকালি দলে ৰাজ্যসভাত কৃষি সম্বন্ধীয় তিনিখন বিধেয়ক উত্থাপন কৰাৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত আকালি দলৰ হৈ একমাত্ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বত থকা হৰছিমৰত কৌৰে মন্ত্ৰীপদ ত্যাগ কৰিছিল। 

আকালি দলে কৃষি সম্বন্ধীয় বিধেয়কৰ প্ৰথমৰ পৰাই বিৰোধিতা কৰি আহিছে। যিহেতু এই বিধেয়ক তিনিখনৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ চলি আছে পঞ্জাবতে। পঞ্জাব হৈছে দেশৰ ভিতৰত একমাত্ৰ ৰাজ্য, যিখনত সৰ্বাধিক শস্য উৎপাদন হয়। এনেস্থলত এতিয়া কৃষকসকলৰ সমৰ্থনত আছে আকালি দলে কালি এনডিএ ত্যাগ কৰা কথা ঘোষণা কৰাৰ সময়ছোৱাত আকালি দলৰ প্ৰমুখগৰাকীয়ে কয় যে বিজেপিয়ে আলোচনা নকৰাকৈ কৃষি সম্বন্ধীয় বিধেয়ক তিনিখন সদনত উত্থাপন কৰি গৃহীত কৰিছে। এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰ কৃষকবিৰোধী বুলি উল্লেখ কৰি তেওঁ কয়, এনে কৃষকবিৰোধী চৰকাৰৰ সৈতে মিত্ৰতা কৰি থকাৰ কোনো প্ৰশ্ন নুঠে। কৃষক বিধেয়ক উত্থাপন কৰাৰ পূৰ্বে আকালি দলৰ সৈতে আলোচনা কৰিব লাগিছিল বিজেপিয়ে। যিহেতু পঞ্জাব হৈছে দেশৰ কৃষি খণ্ডৰ আত্মাস্বৰূপ। আকালি দলৰ প্ৰতিজন কৰ্মী কৃষি কৰ্মৰ লগত জড়িত। সেইবাবে আকালি দলৰ সহকৰ্মীসকলৰ সৈতে আলোচনা কৰি এনডিএৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।