Page Nav

HIDE

আইপিএলত হায়দৰাবাদৰ বিৰুদ্ধে কলকাতাৰ জয়

আবুধাবি,২৬ ছেপ্টেম্বৰ: ইউএইত দৰ্শক অবিহনে অনুষ্ঠিত হৈ থকা আইপিএলৰ ১৩ সংখ্যক সংস্কৰণৰ অষ্টমখন মেচত শনিবাৰে ছনৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে কলক...

আবুধাবি,২৬ ছেপ্টেম্বৰ: ইউএইত দৰ্শক অবিহনে অনুষ্ঠিত হৈ থকা আইপিএলৰ ১৩ সংখ্যক সংস্কৰণৰ অষ্টমখন মেচত শনিবাৰে ছনৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্চে সাতটা উইকেটৰ ব্যৱধানত জয় লাভ কৰিছে। হায়দৰাবাদে টছত জিকি প্ৰথমে কলকাতাৰ বিৰুদ্ধে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৪২ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ মনিষ পাণ্ডেয়ে সৰ্বাধিক ৩৮বলত ৫১ৰান সংগ্ৰহ কৰে। আনহাতে ডেভিড ৱাৰ্নাৰে ৩০ বলত ৩৬ৰান সংগ্ৰহ কৰে। কলকাতাই ১৪৩ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি ১৮ অভাৰত ৩টা উইকেট হেৰুৱাই ১৪৫ৰান সংগ্ৰহ কৰে। ফলত মেচখনত কলকাতাই সাতটা উইকেটৰ ব্যৱধানত জয় লাভ কৰে। দলটোৰ হৈ মেচখনত অপৰাজিতৰূপে থাকি শুভম গিলে ৬২ বলত ৭০ ৰান সংগ্ৰহ কৰে। আনহাতে ইয়ন মৰ্গানো অপৰাজিতৰূপে থাকি ২৯ বলত ৪২ৰান সংগ্ৰহ কৰে। উল্লেখ্য যে হায়দৰাবাদৰ হৈ ৰছিদ, কে আহমেদ আৰু নতৰাজনে এটাকৈ উইকেট দখল কৰে।