Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০২১ত কোৰোনা থাকক, নাথাকক অলিম্পিক আয়োজন হ'বই : আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ দৃঢ় স্থিতি

নতুন দিল্লী,২১ ছেপ্টেম্বৰ: কোৰোনা মহামাৰীৰ বাবে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰ বৃহৎ প্ৰভাৱিত হৈছে। কোৰোনা মহামাৰীৰ বিশ্বৰ বহু ক্ৰীড়া প্ৰতিযোগিতা পিছু...


নতুন দিল্লী,২১ ছেপ্টেম্বৰ: কোৰোনা মহামাৰীৰ বাবে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰ বৃহৎ প্ৰভাৱিত হৈছে। কোৰোনা মহামাৰীৰ বিশ্বৰ বহু ক্ৰীড়া প্ৰতিযোগিতা পিছুৱাই দিয়া হৈছে নাইবা স্থগিত কৰা হৈছে। চলিত বৰ্ষৰ প্ৰায় ফেব্ৰুৱাৰীৰ পৰা বিশ্বৰ কোনো প্ৰান্তত বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল। বিশ্বৰ ঠাই বিশেষে পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত পুনৰ ক্ৰীড়া প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'বলৈ ধৰিছে। শেহতীয়াকৈ গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ইউ এছ অ'পেন অনুষ্ঠিত হৈ যায়। ইউএইত ১৩ সংখ্যাক আই পি এল অনুষ্ঠিত হৈ আছে। আনহাতে চলিত মাহত ফেন্স অ'পেন অনুষ্ঠিত হ'ব। এনেদৰে এতিয়া পুনৰাই ক্ৰীড়া প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'বলৈ ধৰিছে। কোৰোনা মহামাৰীৰ বাবে বিশ্ব মহা ক্ৰীড়াৰণ অলিম্পিক এবছৰলৈ পিছুৱাই দিয়া হৈছে। চলিত বৰ্ষত টকিঅ' অলিম্পিক অনুষ্ঠিত হ'বলগীয়া আছিল যদিও কোৰোনাৰ বাবে এবছৰলৈ পিছুৱাই দিয়া হৈছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে প্ৰকাশ কৰিছে আগন্তুক বৰ্ষত যিকোনো প্ৰকাৰে অলিম্পিক আয়োজন হ'ব। বিশ্বত কোৰোনা মহামাৰীৰ প্ৰকোপ বাৰ্তী থাকিলেও আগন্তুক বৰ্ষত অলিম্পিক আয়োজন হ'ব । আগন্তুক বৰ্ষৰ ২৩জুলাইৰ পৰা অলিম্পিক প্ৰতিযোগিতা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জুলাইৰ পৰা অলিম্পিক আয়োজন হ'বলগীয়া আছিল। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে ইয়াৰ পূৰ্বেও ২০২১তকৈ আৰু সময় নিপিছুৱাই অলিম্পিক প্ৰতিযোগিতাৰ। ২০১১ত জাপানত অহা ছুনামী আৰু ভূমিকম্পৰ উদাহৰণ দাঙি ধৰি কয় ছুনামীৰ পিছতো অলিম্পিকক 'পুননিৰ্মান খেল' ৰ থিম হিচাপে খেলা হৈছিল। আগন্তুক বৰ্ষৰ অলিম্পিকৰ উদ্বোধনী আৰু সামৰণী অনুষ্ঠান উলহ মালহৰে উদযাপন নহ'ব পাৰে। উদ্বোধনী আৰু সামৰণী অনুষ্ঠানত বিশ্বৰ প্ৰতিখন দেশৰ পৰা অহা কৰ্মচাৰী আৰু প্ৰতিনিধিমণ্ডলৰ সংখ্যা হ্ৰাস কৰাৰ এক চিন্তা চৰ্চা চলাই থকা হৈছে। ২০২০ত আয়োজন হ'বলগীয়া টকিঅ' অলিম্পিকত কমেও ২০০খন দেশৰ ১১হাজাতকৈ অধিক এথলিটে অংশ লোৱাৰ কথা আছিল।


No comments