Page Nav

HIDE

আইপিএলত বেংগালুৰুৰ বিৰুদ্ধে পাঞ্জাৱৰ জয়

ডুবাই,২৪ ছেপ্টেম্বৰ: আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত আজিৰ মেচখনত ৰয়েল চেলেঞ্জৰ বেংগালুৰুৰ বিৰুদ্ধে কিংছ ইলেভেন পাঞ্জাৱে জয় লাভ কৰিছে। ডুবাইত অন...

ডুবাই,২৪ ছেপ্টেম্বৰ: আই পি এলৰ ১৩ সংখ্যক সংস্কৰণত আজিৰ মেচখনত ৰয়েল চেলেঞ্জৰ বেংগালুৰুৰ বিৰুদ্ধে কিংছ ইলেভেন পাঞ্জাৱে জয় লাভ কৰিছে। ডুবাইত অনুষ্ঠিত হোৱা টুৰ্ণামেণ্টৰ ষষ্ঠ সংখ্যক মেচখনত পাঞ্জাৱে বেংগালুৰুক ৯৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছে। বৃহস্পতিবাৰে নিশা অনুষ্ঠিত মেচখনত টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰিবলৈ অহা পাঞ্জাৱে ২০অভাৰত ৩টা উইকেট হেৰুৱাই ২০৬ ৰান সংগ্ৰহ কৰে। ২০৭ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা বেংগালুৰুৱে  ১৭অভাৰত আটাইকেইটা উইকেট হেৰুৱাই কেৱল ১০৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মেচখনত পাঞ্জাৱৰ অধিনায়ক কে এল ৰাহুলে অপৰাজিত থাকি সৰ্বাধিক ৬৯টা বলত ১৩২ৰান সংগ্ৰহ কৰে। তেওঁ মেচখনত দুৰ্দান্ত বেটিং প্ৰদৰ্শন দাঙি ধৰে । ইফালে মায়ংক আগৰৱালে ২০ বলত ২৬ ৰান সংগ্ৰহ কৰে। আনহাতে বেংগালুৰুৰ হৈ ৱাশ্বিংটন সুন্দৰে সৰ্বাধিক ২৭বলত ৩০ৰান সংগ্ৰহ কৰে।