Page Nav

HIDE

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ প্ৰশ্নকাকত ফাদিলক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্যঃ সাঙোৰ খাই পৰিছে বিজেপিৰ যুৱ নেতা দিবন ডেকাৰ নাম

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩  ছেপ্টম্বৰ ঃ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কোনো নতুন কথা নহয়। সুশাসনৰ শ্ল’গান আওৰাই ফুৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ...

Gana Adhikar


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩  ছেপ্টম্বৰ ঃ ধনৰ বিনিময়ত চাকৰি বিক্ৰী কৰা কোনো নতুন কথা নহয়। সুশাসনৰ শ্ল’গান আওৰাই ফুৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত নিযুক্তিৰ নামত এক ক’লা বজাৰ গঢ়ি তোলাই নহয়, সলনি হৈছে সকলো ধৰণৰ কৌশল। পৰীক্ষাৰ এদিন পূৰ্বেই পৰীক্ষাৰ প্ৰাৰ্থীসকলক অনানুষ্ঠানিকভাৱে প্ৰশ্নকাকতৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়। সেইমতেই ধনৰ বিনিময়ত বিক্ৰী কৰা হয় একো একোটা চাকৰি। চাকৰিৰ বজাৰমূল্য পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। এটা চাকৰিৰ বিনিময়ত প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰা হৈছে দহৰ পৰা পোন্ধৰ লাখ টকা। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এনে কেতবোৰ ভয়াৱহ তথ্য ফাদিল হৈছে। ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ এদিন পূৰ্বেই মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত হৈছিল এক গোপন অনানুষ্ঠানিক পৰীক্ষা। যিসকল প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰা হৈছে সেই প্ৰাৰ্থীসকলক লৈ থেংক ইউ লজৰ কোঠাত প্ৰশ্নৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। আজি অপৰাধ অনুসন্ধান শাখাৰ এটা বৃহৎ দলে থেংক ইউ লজত অভিযান চলাই স্বত্বাধিকাৰী প্ৰাঞ্জল শৰ্মা, অলকেশ বৈশ্য, বিমল থাপা আৰু প্ৰণৱ বৰাক আটক কৰে। অভিযানকাৰী দলটোৱে থেংক ইউ লজৰ স্বত্বাধিকাৰীক আটক কৰি মাৰাথন জেৰা চলায়। অভিযানকাৰী দলটোৱে থেংক ইউ লজৰ পৰা লেপটপ, তিনিটা হাৰ্ড ডিস্ক, ৩০খন এডমিট, কিছুসংখ্যক প্ৰশ্নকাকত জব্দ কৰা হয়। একেদৰে দলটোৱে প্ৰাৰ্থীসকলক প্ৰশ্নকাকতৰ প্ৰশিক্ষণ প্ৰদান কৰা এখন ব্লেকব’ৰ্ড জব্দ কৰে। অভিযোগ অনুসৰি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ এদিন পূৰ্বেই গণেশগুৰিৰ থেংক ইউ লজত এক গোপন পৰীক্ষা অনুষ্ঠিত হৈছিল। উক্ত লজত ধনৰ বিনিময়ত প্ৰাৰ্থীসকলক ফাদিল হোৱা প্ৰশ্নকাকতেৰে প্ৰশিক্ষণ দিয়া হৈছিল। ইপিনে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে সাতজনকৈ লোক গ্ৰেপ্তাৰ হৈছে। কাৰ্বি আংলং আৰক্ষীয়ে নগাঁও খেৰণীৰ পৰা হীৰকজ্যোতি বৰা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে। হীৰকজ্যোতিৰ ম’বাইলৰ জৰিয়তে হোৱাট্ছএপত উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল। একেদৰে অপৰাধ অনুসন্ধান শাখাই আজি হাজোৰ বামুন্দীৰ পৰা কুশল দাস, নুনমাটিৰ জ্যোতিনগৰৰ পৰা সঞ্জীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। নুনমাটিৰ জ্যোতিনগৰৰ ধৃত যুৱক সঞ্জীৱ শৰ্মা পূৰ্বে এছ টি এফত কৰ্মৰত আছিল। এতিয়া অগ্নিনিৰ্বাপক বাহিনীত নিয়োজিত হৈ আছে। অতি লক্ষণীয় বিষয় যে উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত সাঙোৰ খাই পৰিছে বিজেপিৰ যুৱ নেতা দিবন ডেকাৰ নাম। এইগৰাকী বিজেপিৰ যুৱ নেতাই প্ৰশ্নকাকত প্ৰিণ্টিঙৰ ঠিকা লাভ কৰিছিল। চি আই ডিয়ে সম্প্ৰতি বিজেপি নেতাজনক মাৰাথন জেৰা চলাইছে বুলি জানিব পৰা গৈছে। প্ৰশ্নকাকত ফাদিলৰ ঘটনাত বিজেপিৰ যুৱ নেতা জড়িত হৈ পৰা বিষয়টোৱে এতিয়া বিজেপিৰ বৰঘৰত জোকাৰণিৰ সৃষ্টি কৰিছে। উপ-পৰিদৰ্শকৰ ৫৯৭টা পদৰ বিজ্ঞাপন ২০১৮ চনতেই প্ৰকাশ কৰা হৈছিল। দুবছৰ পিছতো সোণোৱাল চৰকাৰে স্বচ্ছতাৰে পৰীক্ষা পতাতো দূৰৰে কথা, নিযুক্তিৰ ক’লা বজাৰ গঢ়ি তোলা বিষয়টোৱে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক লৈ ইতিমধ্যে চি আই ডি আৰু অপৰাধ অনুসন্ধান শাখাই তদন্ত অব্যাহত ৰাখিছে। চাকৰিৰ নামত গঢ়ি তোলা এই ক’লা বজাৰখনৰ পুঠি-খলিহনা জালত পৰিছে যদিও ৰৌ-বৰালি সাৰি যাব নেকি সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্নকাকত ফাদিলৰ ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা তিনিওজনকে কামৰূপ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয়। শীঘ্ৰেই আন কে’বাজনো যুৱক গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।