Page Nav

HIDE

চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ১৬ ৰানত জয়

  শ্বাৰজাহ, ২৩ ছেপ্টেম্বৰঃ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২০ৰ চাৰি নং মেচত আজি ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক ১৬ ৰানত ...

 

শ্বাৰজাহ, ২৩ ছেপ্টেম্বৰঃ শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২০ৰ চাৰি নং মেচত আজি ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক ১৬ ৰানত পৰাস্ত কৰে৷ ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি সঞ্জু ছেমছনৰ ৩২টা বলত ৭৪ ৰান, ষ্টিভ স্মিতৰ ৪৭ বলত ৬৯ ৰান আৰু জ’ফৰা আৰ্চাৰৰ বিস্ফোৰক ৮টা বলত ২৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ২১৬ কৰে৷ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে বান্ধি দিয়া ২১৭ লক্ষ্য আগত লৈ চেন্নাই ছুপাৰ কিংছে খেলিবলৈ আহি ডুপ্লেছিছৰ ৩৭টা বলত ৭২ ৰান, শ্বেন ৱাট্ছনৰ ২১ টা বলত ৩৩ ৰান আৰু ধোনীৰ ১৭টা বলত ২৯ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০০ ৰান কৰিবলৈ সক্ষম হয় আৰু ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ১৬ ৰানত পৰাজিত হয়৷ উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ হৈ ৰাহুল টেৱাতিয়াই ৩টা, জ’ফৰা আৰ্চাৰ আৰু শ্ৰেয়াছ গোপালে এটাকৈ উইকেট লাভ কৰে৷