Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পঞ্চমবাৰলৈ ইটালীয়ান অ'পেনৰ চেম্পিয়ন নোভাক জ'কোভিছ

ৰোম, ২২ছেপ্টেম্বৰ: বিশ্বৰ শীৰ্ষ স্থান প্ৰাপ্ত টেনিছ তাৰকা নোভাক জ'কোভিছে ইটালীয়ান অ'পেনৰ ফাইনেলত সোমবাৰে নিশা আৰ্জেন্টিনাৰ ডিএগো চোৱ...


ৰোম, ২২ছেপ্টেম্বৰ: বিশ্বৰ শীৰ্ষ স্থান প্ৰাপ্ত টেনিছ তাৰকা নোভাক জ'কোভিছে ইটালীয়ান অ'পেনৰ ফাইনেলত সোমবাৰে নিশা আৰ্জেন্টিনাৰ ডিএগো চোৱাৰ্টজমানক পৰাস্ত কৰি কেৰিয়াৰৰ ৩৬ সংখ্যক মাষ্টাৰছ খিতাপ জয় কৰিছে আৰু কেৰিয়াৰৰ পঞ্চমটো ইটালীয়ান অ'পেনৰ খিতাপ দখল কৰিছে।  ইউ এছ অ'পেন খেলিবলৈ অযোগ্য হোৱা পিছত প্ৰথমখন টুৰ্ণামেণ্ট ইটালীয়ান অ'পেন খেলিবলৈ আহি ছাৰ্বিয়াৰ জ'কোভিছে টুৰ্ণামেণ্টৰ ফাইনেলত প্ৰতিদ্বন্দীক ৭-৫,৬-৩ ছেটত পৰাস্ত কৰি চেম্পিয়ন খিতাপ দখল কৰে। এই জয়ৰে তেওঁ এইটোও নিশ্চিত কৰিছে অহা সপ্তাহত অনুষ্ঠিত হ'বলগীয়া ফ্ৰেন্স অ'পেনত সুন্দৰ প্ৰদৰ্শনৰ বাবে সাজু আছে।৩৩ বছৰীয়া জ'কোভিছে যোৱা মাহত ৰাফেল নাডালৰ সৈতে ৱেষ্টাৰ্ণ(পশ্চিম) আৰু চাঔথৰ্ণ(দক্ষিণ) অ'পেনৰ মাষ্টাৰছ বিজেতা আছিল। তেওঁ ইটালীয়ান অ'পেন দখল কৰি বহু আনন্দিত বুলি প্ৰকাশ কৰে। 'এই সপ্তাহটো মহান আৰু প্ৰত্যাহ্বান পূৰ্ণ আছিল। মই নাভাবো যে এই সপ্তাহত নিজৰ সৰ্বশ্ৰেষ্ঠ টেনিছ খেলিছোঁ, কিন্তু অনুভৱ কৰো যে নিৰ্ণায়ক ক্ষণত নিজৰ সৰ্বশ্ৰেষ্ঠ টেনিছ লাভ কৰিছোঁ।' এই বুলি কয় জ'কোভিছে। তেওঁ লগতে কয়- পঞ্চমবাৰালৈ ইটালীয়ান অ'পেন দখল কৰি নিজকে গৌৰৱ অনুভৱ কৰিছো। উল্লেখ্য যে ফাইনেল মেচখন চলি থকাৰ সময়ত বতৰে বিধি পথালী দিছিল। যাৰ বাবে মেচখন কিছু সময়ৰ বাবে স্থগিত কৰা হৈছিল। মেচখনত জ'কোভিছে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। প্ৰতিটো ছট ভাৱি চিন্তি মাৰিছিল। যাৰ বাবেই তেওঁ এই সফলতা অৰ্জন কৰিছে। এইটো জ'কোভিছৰ কেৰিয়াৰৰ ৮১সংখ্যা  আৰু বছৰৰ চতুৰ্থটো খিতাপ।

No comments