দৈনিক গণঅধিকাৰঃ সমগ্ৰ দেশত কোৰোনা ভাইৰাছৰ আতংক বিৰাজমান। কোৰোনা ভাইৰাছৰ ফলত দেশত ২০জন লোক মৃত্যুমুখত পৰে। উক্ত ভাইৰাছত ৭২৪জন আক্ৰান্ত হয়। প...
তলা বন্ধত ভাৰতীয় নাগৰিক গৃহবন্দী হৈ পৰে। এফালে কোৰোনাৰ আতংক, আনফালে গৃহবন্দী হৈ দুঃচিন্তাত দিন অতিবাহিত কৰাৰ সময়তে পুনৰ সকীয়নিয়ে আতংকিত কৰি তুলিছে পাঁচ ৰাজ্যৰ জনসাধাৰণক। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি অহা পাঁচ দিনৰ ভিতৰত পাঁচখন ৰাজ্যত ধুমুহা বলাৰ সম্ভাৱনা অধিক।
জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাবকে ধৰি মুঠ পাঁচখন ৰাজ্যত প্ৰতি ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত ধুমুহা-শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা অধিক বুলি বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰে। ইয়াৰোপৰি মধ্য মহাৰাষ্ট্ৰ আদিকো বতৰ বিজ্ঞান কেন্দ্ৰই সকীয়নি দিয়ে।
No comments