Page Nav

HIDE

বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নি ঃ সামূহিক ৰূপত সচেতন নহ’লে কোৰোনাত মৃত্যুৰ আশংকা ২০ লাখৰ অতিক্ৰম কৰিব

নতুন দিল্লী,  বিশ্বত কোৰোনা মহামাৰীৰ এই দুৰ্বিষহ সময়ছোৱাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। অশেষ চেষ্টাৰ পিছত...

নতুন দিল্লী,  বিশ্বত কোৰোনা মহামাৰীৰ এই দুৰ্বিষহ সময়ছোৱাত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। অশেষ চেষ্টাৰ পিছতো বৰ্তমানেও কোৰোনা জয় কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী। ইয়াৰ মাজতে শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিয়ে যে ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰাথমিক পৰ্যায়ৰ পৰা যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়া ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২০ লাখ অতিক্ৰম কৰাৰ আশংকা কৰা হৈছে। সংস্থাই প্ৰকাশ কৰিছে যে মহামাৰীৰ স’তে যুঁজিবলৈ হ’লে বিভিন্ন দেশৰ লোকসকল যদি একগোট নহয়, তেতিয়া ১০লাখৰ অধিক লোকৰ মৃত্যু নুই কৰিব নোৱাৰি। সংস্থাৰ আপাতকালীন কাৰ্যক্ৰমৰ নিদেৰ্শক মাইকেল ৰেয়ানে এক ভিডিঅ’ কনফাৰেন্সযোগে কয় যে ১০ লাখ কোৰোনাক্ৰান্ত হোৱা বিষয়টো খুবেই ভয়াৱহ, তেনেক্ষেত্ৰত আৰু অধিক ১০ লাখৰ বিষয়ে চিন্তা কৰাৰ আগতে বৰ্তমান আক্ৰান্তসকলৰ কথা চিন্তা কৰাৰ প্ৰয়োজন। অন্যথা আমি দুৰ্ভাগ্যৱশত অধিক মৃত্যুৰ মুখামুখি হ’ব লাগিব।