Page Nav

HIDE

মাজুলীত আহিনীয়া বানৰ তাণ্ডৱ:বানে তচনচ কৰিলে মাজুলীৰ কৃষকৰ সেউজীয়া সপোন : মাহ জাতীয় শস্যৰ লগতে শাক পাচলি খেতি পানীৰ তলত

হাহাকাৰ কৃষক:উটাই নিলে বনগাঁও - শালমৰা সংযোগী একমাত্র বাঁহৰ দলং : মাজুলী- নিমাতী সংযোগী ফেৰী সেৱা বন্ধ:ব্ৰহ্মপুত্ৰ খহনীয়া  মাজুলী,২৭ ছেপ্টেম...

হাহাকাৰ কৃষক:উটাই নিলে বনগাঁও - শালমৰা সংযোগী একমাত্র বাঁহৰ দলং : মাজুলী- নিমাতী সংযোগী ফেৰী সেৱা বন্ধ:ব্ৰহ্মপুত্ৰ খহনীয়া 



মাজুলী,২৭ ছেপ্টেম্বৰ :  আহিনীয়া বানৰ কৱলত পৰিছে মাজুলীৰ নৈ পৰিয়া লোকসকল।যোৱা কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত  ব্ৰহ্মপুত্ৰৰ পানী ওফন্দি উঠাৰ ফলত  বছৰটোৰ চতুৰ্থটো বৃহৎ বানৰ কৱলত পৰিছে মাজুলীৰ মথাউৰী বাহিৰৰ লোকসকল। 
 ব্ৰহ্মপুত্ৰৰ জলস্তৰ  বিপদসীমাতকৈ  ওপৰেৰে বৈ আছে যাৰ পৰিপ্ৰেক্ষিতত মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা আজি বন্ধ ৰখা হৈছে।আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিমাতী-মাজুলীৰ দায়িত্বত থকা শাখা বিষয়া অসীম বৰুৱাই জানিবলৈ দিয়া অনুসৰি ব্ৰহ্মপুত্ৰৰ পানী বিপদ সীমাৰ ওপৰেৰে বৈ থকা লগতে যাত্ৰীৰ নিৰাপত্তা দিশৰ প্ৰতি লক্ষ ৰাখি নিমাতী লগতে মাজুলীৰ পাৰ ঘাট সমূহ ডুবি যোৱাত ফেৰী সেৱা বন্ধ ৰাখিব লগা হৈছে বুলি প্ৰকাশ কৰাৰ লগতে জলস্তৰ হ্ৰাস হলেই পুনৰ ফেৰী সেৱা নিয়মীয়াকৈ আৰম্ভ হব বুলি জানিবলৈ দিয়ে।আনহাতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমশঃ বৃদ্ধি পাই থকাৰ ফলত চৰ চাপৰি সমূহ প্লাবিত কৰাৰ লগতে ন ন অঞ্চল প্লাবিত কৰিছে। নৈপৰীয়া শালমৰাৰ ৫০০ টা পৰিয়াল  বানৰ কৱলত পৰাৰ লগতে আজি পুৱতি নিশা এই বাহনী পানীয়ে চকুৱা ঘাটৰ বনগাঁও- শালমৰা সংযোগী বাঁহৰ দলং খন ভাঙি নিয়ে আৰু যাতায়ত  বিচ্ছিন্ন হৈ পৰে।উল্লেখযোগ্য যে শালমৰাৰ চকুৱা ঘাটত গাঁৱৰে যুৱক কেইজনমানে প্ৰতি বছৰে একো খন কৈ বাঁহৰ দলং নিৰ্মাণ কৰি  যাতায়তৰ সুচল ব্যৱস্থা কৰি ৰাইজৰ সেৱা কৰি আহিছে ।গাঁঠিৰ ধন ভাঙি  প্ৰতি বছৰে  নিৰ্মাণ কৰা দলং খন উটি যোৱাত হাহাকাৰ হৈ পৰিছে শালমৰা অঞ্চলৰ লোক সকল।আজি দুই বছৰ আগৰ পৰাই উক্ত ঘাটতোত এখন  পকী দলং নিৰ্মান কাৰ্য চলি আছে যদিও বৰ্তমানেও কাৰ্যক্ষম নহল সেই দলং খন,যাৰ কাৰণে এই বাঁহৰ দলং খনেই একমাত্ৰ যাতায়তৰ মাধ্যম আছিল অঞ্চলটোৰ। এই দলংখনো উটি যোৱাত যাতায়তৰ ক্ষেত্ৰত জিয়াটো ভুগিব লাগিব অঞ্চলৰ ৰাইজে।আনফালে নদী কাষৰীয়া  চুমৈমাৰী, দক্ষিণপাট, পোহাৰদিয়া খোৰাহোলা,মাজগাও, আলিমূৰ, বামুণ গাওঁ, বৃহত্তৰ ভকতচাপৰিৰ ১৬ খনকৈ গাঁও,সোনাৰিবাৰীকে আদি কৰি  গাঁও সমূহো বানত প্লাৱিত হোৱাৰ লগতে শ শ বিঘা কৃষি ভূমি বানৰ কৱলত পৰিছে। কৰ'নাই কোঙা কৰি পেলোৱাৰ পিছত মাজুলীৰ কৃষকে বহু সপোন বুকুত বান্ধি  মূৰৰ ঘাম মাটিত পেলাই কৰা মাহৰ খেতিৰ লগতে শাক পাচলিৰ খেতি সমূহ যোৱা নিশা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে নিমিষতে প্লাৱিত কৰি পেলোৱাৰ ফলত এতিয়া হাহাকাৰ কৰি উঠিছে।কৰ'নাৰ বাবে দিয়া লকডাউনৰ ফলত ৰাজ্যৰ বাহিৰত কৰ্মৰত মাজুলীৰ শ শ যুৱক মাজুলীৰ ঘৰলৈ ঘুৰি আহি ঘৰতে ফাৰ্ম খুলি সেউজ বিপ্লৱৰ জড়িয়তে আত্ম নিৰ্ভৰশীল হোৱাৰ মানস কৰি বিলাহী, বেঙেনা, জাতি লাও ফেচবিন,দাংপতি,লাই,লফা, মাটি মাহৰ খেতি আৰম্ভ কৰিছিল যদিও সজাল ধৰা উক্ত খেতি সমূহ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে যোৱা নিশা নিমিষতে প্লাৱিত কৰাৰ ফলত কৃষকৰ সপোন নচনচ হৈ পৰিল।কেৱল নামনি মাজুলীৰে প্ৰায় ৭০০ বিঘা মাটি মাহৰ খেতি বানত প্লাৱিত হোৱাৰ খবৰ আহিছে।নামনি মাজুলীৰ উদ্যোগী যুৱ কৃষক প্ৰৱন্ত শইকীয়াই আমাক জানিবলৈ দিয়া মতে তেওঁৰ ১০০০ বিলাহী পুলি,১৫০০ বেঙেনা পুলি, জাতি লাও, ফেচবিন আৰু দাংপতিৰ খেতি বানত প্লাৱিত হৈছে।যাৰ ফলত কৃষক গৰাকী অসহায় হৈ পৰিছে।ইয়াৰ উপৰিও এইবাৰ মাজুলীৰ মহৰিচুক,বিৰিনাবাৰী ,ভালুকমৰা আদি অঞ্চলৰ শিক্ষিত যুৱকে আৰম্ভ কৰা ফাৰ্ম সমূহো বানত প্লাৱিত হোৱাত যুৱক সকল ভাগি পৰিছে। চাৰিওফালে অন্ধকাৰ দেখা উক্ত কৃষক সকলক পৰ্যাপ্ত ক্ষতি পূৰণৰ ব্যৱস্থা কৰিবলৈ সচেতন ৰাইজৰ লগতে মাজুলীৰ দল সংগঠনে দাবী উত্থাপন কৰিছে।আনহাতে আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাপৰি অঞ্চলৰ লগতে কৰতিপাৰ, লাছন চাপৰি আদি মথাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নি পানীত জলমগ্ন হৈছে।চৰ চাপৰি অঞ্চলবোৰ বানৰ কৱলত পৰাত মাজুলীত পশুধনৰ খাদ্য সংকটে দেখা দিছে।পূৰ্বৰ বানে থানবান কৰাৰ পাছত কৃষক সকলে নিজৰ পথাৰত মাহজাতীয় শস্যৰ লগতে জাতিলাও, বেঙেনা, বিলাহী, জলকীয়া, লাই, লফাকে আদি কৰি বিভিন্ন প্ৰজাতি কৃষিৰ পুলি ৰোপণ কৰি নিজৰ পথাৰ খন সেউজীয়া কৰি তোলাৰ সময়তে আহিনীয়া বানে ডুবাই পেলোৱাত কৃষকে এতিয়া মূৰে কপালে হাত দিছে।ইফালে পূব মাজুলী অঞ্চলৰ মাথাউৰী বাহিৰত থকা শালমৰা,দক্ষিণপাট, অফলামুখ,যোগীগাঁও, মেৰাগড়, কলনিবাৰী,গ্ৰেজিং, চিনাটলি,ৰতনপুৰ আদি গাঁৱত বাহনী পানীয়ে ব্যাপক অনিষ্ট সাধন কৰিছে।পানী বাঢ়িলেই এই অঞ্চলৰ আক্রান্ত হৈ অহাৰ লগতে শেহতীয়াকৈ কৰা কৃষি সমূহো অনিষ্ট হৈছে।মাজুলীৰ নৈপৰীয়া লোক সকলে বহু কষ্টৰে কৰা কৃষি সমূহ বাৰে বাৰে বানত ডুবাই পেলোৱাত কৃষকসকল জুৰুলা হৈ পৰিছে।মাজুলীৰ বিভিন্ন ঠাইত চলি থকা গড়া খহনীয়াইও ব্যাপক প্ৰভাৱ পেলাইছে।মাজুলীৰ ভকত চাপৰিৰ ভীমপৰা গাঁৱত ব্ৰহ্মপুত্ৰ তীব্ৰ খহনীয়া অব্যাহত আছে।এই খহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন, জল সম্পদ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। ( পৰাণজ্যোতি বৰা, মাজুলী )