Page Nav

HIDE

মৰিয়নীত প্ৰধান মন্ত্ৰীৰ জন্ম দিন উদযাপন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

গণ বার্তা, নকছাৰী, ১৮ ছেপ্টেম্বৰ : মৰিয়নীৰ ৰাজপথত কে’ক কাটি প্ৰধানমন্ত্ৰীৰ জন্ম দিন উদযাপন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ৷ প্ৰধানমন্ত্ৰী...

গণ বার্তা, নকছাৰী, ১৮ ছেপ্টেম্বৰ : মৰিয়নীৰ ৰাজপথত কে’ক কাটি প্ৰধানমন্ত্ৰীৰ জন্ম দিন উদযাপন কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ৷ প্ৰধানমন্ত্ৰীৰ জন্ম দিনটোতে ৰাজপথত কে’ক কাটি চাহ বিক্ৰী কৰে মৰিয়নী এন এছ ইউ আইৰ আঞ্চলিক সমিতি আৰু বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে৷ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আজিও প্ৰতিশ্ৰুতি হয় থাকিল ৷ দেশত দিনক দিনে নিবনুৱা সমস্যা বৃদ্ধি হৈ আছে । ক’ত গ’ল প্ৰধানমন্ত্ৰীৰ স্মাৰ্ট ভাৰত,বিজেপিৰ চৰকাৰে নিবনুৱা যুৱকযুৱতী সকলৰ পৰা চৰকাৰী চাকৰিৰ আবেদনৰ নামত কেৱল টকা হে সংগ্ৰহ কৰিছে কায্যত একো নাই বুলিও প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে৷