Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰথমবাৰ ইটালীয়ান অ'পেনৰ চেম্পিয়ন খিতাপ দখল হালেপৰ

  ৰোম,২২ছেপ্টেম্বৰ: শীৰ্ষ দ্বিতীয় স্থান প্ৰাপ্ত টেনিছ তাৰকা ছিমনা হালেপে প্ৰথমবাৰ ইটালীয়ান অ'পেনৰ চেম্পিয়ন খিতাপ দখল কৰিছে। সোমবাৰে নিশা...

 


ৰোম,২২ছেপ্টেম্বৰ: শীৰ্ষ দ্বিতীয় স্থান প্ৰাপ্ত টেনিছ তাৰকা ছিমনা হালেপে প্ৰথমবাৰ ইটালীয়ান অ'পেনৰ চেম্পিয়ন খিতাপ দখল কৰিছে। সোমবাৰে নিশা ৰোমত অনুষ্ঠিত হোৱা ইটালীয়ান অ'পেনৰ মহিলা একক শাখাৰ ফাইনেল মেচখনত ৰোমানীয়াৰ হালেপে প্ৰতিদ্বন্দী চেক গণৰাজ্যৰ কেৰোলিনা প্লিছকোভাক পৰাস্ত কৰি চেম্পিয়ন খিতাপ দখল কৰে। ২০১৭ আৰু ২০১৮ৰ ইটালীয়ান অ'পেনৰ ফাইনেলত পৰাস্ত হোৱা হালেপে এইবাৰ হাতৰ পৰা সুযোগ ওলাই যাবলৈ নিদিয়ে। তেওঁ ফাইনেলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি প্ৰথমবাৰ এই টুৰ্ণামেণ্টৰ চেম্পিয়ন খিতাপ দখল কৰে। আনহাতে অহা সপ্তাহৰ পৰা গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ফেন্স অ'পেন আৰম্ভ হোৱাৰ পূৰ্বে এই সফলতা লাভ কৰিছে হালেপে। তেওঁ ফাইনেলত প্লিছকোভাক ৬-০,২-১ ছেটত পৰাস্ত কৰে। আনহাতে ফাইনেলত প্লিছকোভা গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে মেচৰ আৰম্ভণিৰ পৰা হালেপে প্লিছকোভাৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰে। যাৰ বাবে তেওঁৱে এইবাৰ এই টুৰ্ণামেণ্টৰ খিতাপ দখল কৰিব বুলি মেচ সামৰণি পৰাৰ পূৰ্বে নিশ্চিত হৈছিল। হালেপে ২০১৮ত ফ্ৰেন্স অ'পেনৰ খিতাপ দখল কৰিছিল। পুনৰ এবাৰ ফ্ৰেন্স অ'পেনৰ দখলৰ লক্ষ্যৰে অহা সপ্তাহত টুৰ্ণামেণ্টত নামিব হালেপে। ফ্ৰেন্স অ'পেনৰ বিগত চেম্পিয়ন এশ্লে বাৰ্টীৰ অনুপস্থিত হালেপে গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট খেলিব আৰু খিতাপ দখলৰ যোৰদ্বাৰ চেষ্টা চলাব।

No comments