ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ ছেপ্টেম্বৰ ঃ প্ৰায় ৯ মাহ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈৰ আজি জামিন আবেদনৰ শুনানি অনুষ্ঠিত হয় গুৱাহাটী উচ্চ ন্যা...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ ছেপ্টেম্বৰ ঃ প্ৰায় ৯ মাহ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈৰ আজি জামিন আবেদনৰ শুনানি অনুষ্ঠিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত। ন্যায়াধীশ কল্যাণ ৰাই সুৰানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ দুজনীয়া বিচাৰপীঠে শুনানি গ্ৰহণ কৰি বিষয় সন্দৰ্ভত ‘নিয়া’লৈ জাননী প্ৰেৰণ কৰে ন্যায়ালয়ে। এই সন্দৰ্ভত ভাৰতৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি এছ নৰসিন্হা আৰু এডভোকেট অনৰেকৰ্ড ৰীণা ভূঞাই ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অখিল গগৈক প্ৰতিনিধিত্ব কৰে। উল্লেখ্য যে নিয়াৰ আদালতে অখিল গগৈৰ জামিন আবেদন কৰাৰ পিছতে উক্ত ৰায়ক প্ৰত্যাহবান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অখিল গগৈ। আজি এনআইএৰ ১৩য২০১৯ গোচৰৰ জামিন আবেদনৰ শুনানি আৰম্ভ কৰি নিয়ালৈ জাননী প্ৰেৰণ কৰে উচ্চ ন্যায়ালয়ে।
অহা দুসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰি ১৩ অক্টোবৰৰ পৰা মূল শুনানি আৰম্ভ কৰাৰ কথা ঘোষণা কৰে দুজনীয়া বিচাৰপীঠখনে। ১৩ অক্টোবৰৰ পূৰ্বে চৰকাৰী অধিবক্তাই তেওঁলোকৰ আপত্তিসমূহ লিখিতভাৱে জমা দিবলৈ আৰু গুচৰীয়া অখিলৰ পক্ষক এটা কপি দিবলৈ নিৰ্দেশ দিয়ে। আনহাতে ব্যক্তিগত স্বাধীনতাৰ বিষয় এটা পলম কৰিবৰ বাবে চৰকাৰী পক্ষই দীঘলীয়া সময়ৰ দাবী জনাইছিল যদিও চৰকাৰী পক্ষই দাবী কৰা অনুসৰি সময়সীমা প্ৰদান নকৰে কল্যাণ ৰাই সুৰানা আৰু অজিত বৰঠাকুৰৰ বিচাৰপীঠে। উল্লেখ্য যে যোৱা ১৯ ডিচেম্বৰত সংঘটিত এটা ঘটনাৰ পিছত নিয়াই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰিছিল।
No comments