Page Nav

HIDE

আৰম্ভ হল বিদ্যালয়ৰ পাঠদান : যোৰহাটৰ বিদ্যালয়ত নাই ছাত্ৰ ছাত্ৰী

গণবাৰ্তা বিশেষ, যোৰহাট, ২১ চেপ্তেম্বৰ :   কভিড ১৯ ৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰা ৰাজ্যৰ বিদ্যালয় সমূহ পৰ্য্যায় ক্ৰমে খোলাৰ সিন্ধান্ত গ্ৰহ...

Gana Adhikar

গণবাৰ্তা বিশেষ, যোৰহাট, ২১ চেপ্তেম্বৰ :   কভিড ১৯ ৰ বাবে মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰা ৰাজ্যৰ বিদ্যালয় সমূহ পৰ্য্যায় ক্ৰমে খোলাৰ সিন্ধান্ত গ্ৰহনৰ পিছতে আজি পৰা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চাৰিটা শ্ৰেণীৰ পাঠদান আৰম্ভ হয়| নিৰ্দষ্ট নীতি নিয়মৰ মাজেৰে আৰম্ভ কৰা পাঠদানত বিদ্যালয় সমূহ চেনিটাইজ কৰা লগতে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ কভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল| আনহাতে প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ত থাৰ্মেল স্কেনাৰৰ লগতে অক্সিমিটাৰৰ ব্যৱস্থা কৰাটো বাধ্যতামুলক কৰা হয়| ইয়াৰোপৰি প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা নিৰ্দিষ্ট সময়ৰ মুৰত প্ৰতিবেদন দাখিলৰো নিৰ্দেশ দিয়া হৈছিল| কিন্তু সকলো ব্যৱস্থা সম্পন্ন কৰা পিছতো বিদ্যালয় সমূহলৈ ছাত্ৰী ছাত্ৰী প্ৰায় নাহিল বুলিয়েই কব পাৰি| যোৰহাট চৰকাৰী বহুকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, মালৌআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাত্ৰ ৪ জনকৈ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে| আনহাতে মহাবিদ্যালয় সমূহতো ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নথকা পৰিলক্ষিত হয়| একাংশ অভিভাৱকে ইয়াৰ কাৰণ সম্পৰ্কে মন্তব্য কৰি কয় যে সম্প্ৰতি ৰাজ্যত কভিডৰ সংহাৰী ৰূপ দিনক দিনে বৃদ্ধি পাই আহিছে| এনে সময়ত আপত্তিহীনৰ প্ৰমান পত্ৰ প্ৰদান কৰি নিজৰ ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠাবলৈ সংকোচ কৰিছে অভিভাৱক সকলে| ইয়াৰোপৰি বিভিন্ন বিদ্যালয়ত কভিড ১৯ৰ এন্টিজেন টেষ্টৰ কেম্প প্ৰতিস্থা কৰিছিল বাবেও বহুজনে ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ যাবলৈ নিদিলে বুলিও মন্তব্য কৰিছে| অৱশ্যে বিদ্যালয় সমূহত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী সকলো উপস্থিত থাকে|