Page Nav

HIDE

সংসদত গৃহীত কৃষি বিধেয়কৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ কৃষকৰ, কেইবাটাও ট্ৰেড ইউনিয়নৰ আজি ভাৰত বন্ধৰ ঘোষণা

পঞ্জাবসহ দেশৰ বিভিন্ন প্ৰান্তত ৰে’লসেৱা কৰা হৈছে বাতিল নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ ঃ সদ্যসমাপ্ত সংসদৰ শীতকালীন অধিৱেশনত কৃষি সম্পৰ্কীয় তিনিখন...

পঞ্জাবসহ দেশৰ বিভিন্ন প্ৰান্তত ৰে’লসেৱা কৰা হৈছে বাতিল

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ ঃ সদ্যসমাপ্ত সংসদৰ শীতকালীন অধিৱেশনত কৃষি সম্পৰ্কীয় তিনিখন বিধেয়ক লোকসভাৰ পিছত ৰাজ্যসভাত গৃহীত হোৱা কাৰ্যক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সমগ্ৰ দেশৰ কৃষকসকল। ভৱিষ্যতলৈ আহিব পৰা প্ৰত্যাহবানৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ কৃষকসকলৰ লগতে কৃষক সংগঠনসমূহে সমগ্ৰ দেশত এতিয়া কৃষি সম্বন্ধীয় বিধেয়কৰ বিৰুদ্ধে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে। কোৰোনা মহামাৰীৰ মাজতো দেশৰ কৃষকসকল এতিয়া ৰাজপথত নামিছে। বিশেষকৈ পঞ্জাব আৰু হাৰিয়াণাৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে। এই প্ৰতিবাদ চলি যাব বুলিও প্ৰকাশ কৰিছে কৃষকসকলে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে কৃষক তথ্য কৃষকৰ লগত জড়িত সংগঠনসমূহৰ সৈতে আলোচনা নকৰাকৈ লোকসভাৰ পিছত ৰাজ্যসভাত কৃষক সম্বন্ধীয় বিধেয়ক গৃহীত কৰিছে। এই বিধেয়কত ৰাষ্ট্ৰপতিৰ মোহৰ লগাৰ পিছতেই ই আইনত পৰিণত হ’ব। ফলত কৃষকসকল পুঁজিপতিৰ অধীনলৈ যাব বুলি প্ৰকাশ কৰিছে কৃষকৰ লগত জড়িত সংগঠনসমূহে। কৃষকৰ লগত জড়িক সংগঠনসমূহে প্ৰকাশ কৰিছে যে চৰকাৰে চল-চাতুৰীৰে তথা ক্ষমতাৰ বলেৰে  সংসদত কৃষি বিধেয়ক গৃহীত কৰিছে। এই বিধেয়কে কৃষকৰ ভৱিষ্যতলৈ অন্ধকাৰ নমাই আনিব বুলিও প্ৰকাশ কৰিছে। যিহেতু কৃষকসকল এতিয়া পুঁজিপতিৰ হাতৰ মুঠিত থাকিবলৈ বাধ্য হ’ব। কৃষকৰ উৎপাদিত শস্য পঁুজিপতিৰ হাতত বিক্ৰী কৰিবলৈ বাধ্য হৈ থাকিব লাগিব কৃষকসকল। এনে ভয়ংকৰ কাৰ্যৰ বাবেই এতিয়া এই বিধেয়কৰ বিৰুদ্ধে দেশৰ কৃষকসকলে দেশজুৰি বিদ্ৰোহ আৰম্ভ কৰিছে। উল্লেখ্য যে সংসদত কৃষি বিধেয়ক গৃহীত নোহোৱাৰ পূৰ্বে কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল। কিন্তু কৃষকসকলৰ প্ৰতিবাদক আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰে সংসদত কৃষি সম্বন্ধীয় বিধেয়ক গৃহীত কৰে। চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি পঞ্জাবৰ কৃষকসকলে তিনিদিনলৈ ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। কৃষকৰ এনে কাৰ্যৰ বাবেই ৰে’ল বিভাগে ১৪খন বিশেষ ৰে’ল ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ বাতিল কৰিছে। আনহাতে কাইলৈ কেইবাটাও কৃষক সংগঠন তথা ট্ৰেড ইউনিয়নে ভাৰত বন্ধৰ ঘোষণা কৰিছে। কাইলৈ সমগ্ৰ দেশত কৃষকসকলে প্ৰতিবাদ কৰিব চৰকাৰৰ বিৰুদ্ধে।