Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰশ্ন কাকত কেলেংকাৰীত জড়িত বিমল বড়াৰ প্ৰতিকৃতি দাহ :চি পি আই এম এল,কংগ্ৰেছ, ‘কা’ বিৰোধী ঐক্য মঞ্চৰ

গণ বাৰ্তা :ৰাজগড় ২৬ চেপ্টেম্বৰ : ৰাজ্যৰ ৰাজনীতি কঁপাই তোলা অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়াৰ নাম সা...

গণ বাৰ্তা :ৰাজগড় ২৬ চেপ্টেম্বৰ : ৰাজ্যৰ ৰাজনীতি কঁপাই তোলা অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্ন কাকত কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়াৰ নাম সাঙোৰ খোৱা ঘটনাক লৈ টিংখাঙৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আজি চিপিআই এম এল দলে সমষ্টিৰ লেঙেৰী আৰু ৰাজগড়ত বিধায়ক বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলে কয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি লোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দিনত অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী সংগঠিত হৈছে । এই কেলেংকাৰীৰ তদন্ত চি আই ডিৰ জড়িয়তে নহয় চি বি আই ৰ দ্বাৰা কৰাব লাগে আৰু দোষী সকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । বিবৃতিত দলে কয় যে এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়াৰ নাম সাঙোৰ খাই পৰিছে গতিকে বিমল বড়াক তদন্তৰ আওতালৈ আনিব লাগে । দলে কয় যে খুব গোপনে টিংখাঙৰ বিধায়ক জনে প্ৰশিক্ষণ শিবিৰ অনুস্থিত কৰা আৰু বিতৰণ কৰা প্ৰশ্ন কাকতৰ বেছি ভাগ হুবহু মূল প্ৰশ্ন কাকতৰ সৈতে মিল থকা বিষয়টো সন্দেহজনক । দলে কয় যে সৰ্বানন্দ সোনোৱালে তেওঁৰ ছাঁ টোৰ দৰে লাগি থকা বিমল বড়াৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া গুৰুত্বপূৰ্ণ বিষয় । ইয়াৰ পৰাই প্ৰমাণিত হ'ব তেওঁৰ শূণ্য সহনশীল নীতি ।আনহাতে এই একেই বিষয়ে টিংখাং কা বিৰোধী ঐক্য মঞ্চ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কংগ্ৰেছে পৃথকে পৃথকে ৰাজগড়ৰ শ্বহীদ বেদীৰ সন্মুখত বিধায়ক বিমল বৰাৰ প্ৰতিকৃতি দাহ কৰি তীব্র প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লগানেৰে আকাশ বতাহ কপাই তোলে।এই সমগ্র বিষয়টোৰ চি বি আই তদন্ত ঘোষণা কৰিব লাগে বুলি দাবী তোলে।


No comments