Page Nav

HIDE

সাপেখাতী অঞ্চলৰ ধোদৰ আলি-মৰাণহাবি সংযোগী পথৰ দুৰৱস্থাই জীয়াতু ভুগাইছে জনসাধাৰণক।২০২১ ৰ বিধান সভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ।

গণ বাৰ্তা, সাপেখাতী ৩০ ছেপ্টেম্বৰ :   চৰাইদেউ জিলাৰ সোণাৰি বিধান সভা সমষ্টিৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত আহুখাট গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ...


গণ বাৰ্তা, সাপেখাতী ৩০ ছেপ্টেম্বৰ :   চৰাইদেউ জিলাৰ সোণাৰি বিধান সভা সমষ্টিৰ সাপেখাতী উন্নয়ন খণ্ডৰ অন্তৰ্গত আহুখাট গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ প্ৰায় ২কিলোমিটাৰ দৈৰ্ঘ্য ধোদৰ আলি-মৰাণহাবি সংযোগী পথ ছোৱা দীৰ্ঘ দিন ধৰি  মেৰামতি ও নিৰ্মাণ নকৰাৰ ফলত অঞ্চলটোৰ জনসাধাৰণে যমৰ যাতনা ভুগিব লগা হৈছে।উল্লেখযোগ্য যে ১৯৮৫ চনৰ অসম গণ পৰিষদ চৰকাৰৰ দিনত পথটিত শিল ,মাটি পেলাই কিছু পৰিমাণে নিৰ্মাণ কৰিছিল যদিও ২৫ বছৰ সোণাৰি সমষ্টিৰ পৰা জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীত্ব লাভ কৰা শৰৎ বৰকটকীয়েই অঞ্চল টোৰ সমস্যা সমাধান ও উন্নয়নৰ ক্ষেত্ৰতো কোনো গুৰুত্ব আৰোপ নকৰিলে। ২০১৬ বিধান সভা নিৰ্বাচন আহিল, কংগ্ৰেছৰ প্ৰাথী শৰৎ বৰকটকী, বি. জে. পি  আৰু অ. গ .প.ৰ উমৈহতীয়া প্ৰাথী প্ৰাক্তন আছুৰ সম্পাদক তথা  জনপ্ৰিয় যুৱ নেতা তপন কুমাৰ গগৈ ।ৰাইজে অভিযোগ কৰা মতে,বিজেপি ৰ প্ৰাথী তপন কুমাৰ গগৈৰ লগতে বি জে পি নেতা কৰ্মীয়ে অঞ্চল টোলৈ গৈ বি জে পি চৰকাৰ আহিলে অঞ্চল টোৰ সমস্যা যেনে বাট-পথ,চিকিৎসা ,শিক্ষা  শিশু চিকিৎসা, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।সেই মৰ্মে অঞ্চল টোৰ ৰাইজে তপন কুমাৰ গগৈৰ বিজয়ৰ ক্ষেত্ৰত  গুৰুত্ব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। বিধায়ক হিচাপে তপন কুমাৰ গগৈয়ে দুটা বছৰ পাৰ কৰিলে।কিন্তু গাওঁ খনৰ সমস্যা সমাধান নহলে।পুনৰ ২০১৯ বৰ্ষত লোকসভা নিৰ্বাচন,আহিল, সোণাৰি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাথী, আকৌ প্ৰতিশ্ৰুতি।তপন কুমাৰ গগৈ লোকসভালৈ নিৰ্বাচিত হল।পুনৰ আহিল ছয় মাহৰ পাছত সোণাৰি সমষ্টিৰ উপ নিৰ্বাচন ,প্ৰাথী বিজেপিৰ নৱনীতা সন্দিকৈ, কংগ্ৰেছৰ সুচীল চুড়ী ,পুণৰ প্ৰতিশ্ৰুতিৰ বন্যা । সেই মৰ্মে নৱনীতা সন্দিকৈ  পোন্ধৰ হাজাৰটা ভোটত জয় লাভ কৰে।তাৎপৰ্য পূৰ্ণ বিষয় প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ ৰ'ল গাওঁবাসীয়ে আজিকোপতি উন্নয়নৰ পোহৰ দেখি নাপালে।আজিও অঞ্চলটোৰ জনসাধাৰণ এশ এবুৰি সমস্যাৰে জৰ্জৰিত। যাতায়ত, চিকিৎসা, শিক্ষা, বিশুদ্ধ খোৱাপানী,নিবনুৱা সমস্যা আদি কৰি বহু সমস্যাৰে জৰ্জৰিত অঞ্চল বাসী। অঞ্চলটোৰ মূল  সমস্যা হ'ল  যাতায়তৰ সমস্যা । অঞ্চলটোলৈ সোমাই যোৱা পথ ধোদৰ আলি-মৰাণহাবি সংযোগী পথটোয়ে জনসাধাৰণক দীৰ্ঘ দিন ধৰি জীয়াতু ভুগাই আহিছে।বাৰিষা অহা মাত্ৰকে পথছোৱা বৃহৎ আকাৰৰ পুখুৰী সদৃশ দ গাতৰ  সৃষ্টি হোৱাৰ ফলত গাওঁ বাসীয়ে ভিন্ন সমস্যাত দুৰ্ভোগ ভুগি আহিছে ।বিশেষকৈ ৰোগীক চিকিৎসালয়লৈ  অনা নিয়া ,ব্যৱসায় -বানিজ্য,ছাত্র ছাত্ৰী বিদ্যালয়ললৈ যোৱা ক্ষেত্ৰত দীৰ্ঘ দিন ধৰি জীয়াতু ভুগি আহিছে।এনে পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজ অতিষ্ঠ হৈ আজি  শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।ধোদৰ আলি-মৰাণহাবি সংযোগী পথত শতাধিক ৰাইজ সমবেত হৈ বিজেপি চৰকাৰ হায় হায় ,সাংসদ তপন কুমাৰ গগৈ হায় হায়, বিধায়িকা নৱনীতা সন্দিকৈ হায় হায়,ধোদৰ আলি-মৰাণহাবি সংযোগী পথ শীঘ্ৰে নিৰ্মাণ কৰক,আদি শ্ল'গানেৰে আকাশ বতাহ কপাই তোলে।আনহাতে পথটো নিৰ্মাণৰ সম্পৰ্কত সাপেখাতী খণ্ড উন্নয়ন বিষয়া,চৰাইদেউ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে পথছোৱা নিৰ্মাণ নকৰিলে, অঞ্চলটোৰ প্ৰায় তিনি হাজাৰ ভোটাৰে ভোট বৰ্জন কৰিব বুলি হুংকাৰ দিয় ।