Page Nav

HIDE

চাপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ঃ সৰল জীৱন-যাপনেৰে শৰৎ চন্দ্ৰ সিংহই সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে

গণ বাৰ্তা, চাপৰঃ  জননেতা শৰৎ চন্দ্ৰ সিংহৰ সৰল জীৱন-যাপন আৰু মূল্যবোধে উত্তৰ প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে। নিজৰ বাবে কেতিয়াও নভবা অসমৰ তদানীন্...

গণ বাৰ্তা, চাপৰঃ  জননেতা শৰৎ চন্দ্ৰ সিংহৰ সৰল জীৱন-যাপন আৰু মূল্যবোধে উত্তৰ প্ৰজন্মক উদ্বুদ্ধ কৰি আহিছে। নিজৰ বাবে কেতিয়াও নভবা অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহই এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে। –আজি ধুবুৰী জিলাৰ চাপৰ ৰত্নপীঠ কলেজত শৰৎ চন্দ্ৰ সিংহৰ সুবিশাল প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিনৰ ১২ বজাত হেলিকপ্টাৰেৰে চাপৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোণোৱালে জননেতা শৰৎ চন্দ্ৰ সিংহই অসমত অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল আৰু তাহানিতে নিবনুৱা যুৱকসকলৰ মাজত কৰ্মস্পৃহা বঢ়াবলৈ ৯খনকৈ অটোৰিক্সা প্ৰদান কৰিছিল। ইপিনে ভয়াৱহ কোৰোনাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক ক্ষতি হৈছে আৰু সেই ক্ষতি পূৰণ কৰিবলৈ ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰয়োজনত ঘৰে ঘৰে গৈ শিক্ষা প্ৰদান কৰিবলৈ আহবান জনায়। 

ইপিনে শেহতীয়াভাৱে আৰক্ষীৰ এছআই পদৰ পৰীক্ষাত সংঘটিত বিয়াগোম কেলেংকাৰীৰ কথা মুকলিভাৱে ব্যক্ত নকৰিলেও দুৰ্নীতি প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কয়– দুৰ্নীতি এটা হিমালয়সদৃশ প্ৰত্যাহবান আৰু এই প্ৰত্যাহবানৰ পৰা জিকিব লাগিলে ৰাইজৰ সহযোগিতা লাগিব। আমি ৰাইজৰ সহযোগিতাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছো। ৰত্নপীঠ কলেজৰ সভা সামৰি মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে উপস্থিত হয় জননেতা শৰৎ চন্দ্ৰ সিংহৰ বাসগৃহ চাপৰৰ ভকতগাঁৱৰ ‘কপোত নীড়’ৰ কাষত স্থাপিত জননেতা শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক প্ৰকল্পত। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্মৃতিত নিৰ্মিত উদ্যান, মঞ্চ, প্ৰেক্ষাগৃহ আৰু বাসগৃহৰ উদ্বোধনী অনুষ্ঠানত। সভাত জননেতাগৰাকীৰ জীৱন-দৰ্শন তথা তেওঁৰ সুবিশাল ব্যক্তিত্বত মোহাচ্ছন্ন হৈ থকাৰ কথা ব্যক্ত কৰে। 

উক্ত সভাত অঞ্চলটোৰ কে’বাটাও পৰিয়ালৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। দ্বিতীয়খন সভা সামৰি মুখ্যমন্ত্ৰী সোণোৱালে চাপৰ চাহ বাগিচাৰ খেলপথাৰত নৱনিৰ্মিত বীৰছা মুণ্ডা ষ্টেডিয়াম আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ সভাত ক’ভিড-১৯ প্ৰট’কল ভংগ হোৱাৰ অভিযোগ কৰিছে সচেতন মহলে। কে’বা শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত বীৰছা মুণ্ডা ষ্টেডিয়ামৰ সভাখনত ক’ভিড-১৯ প্ৰট’কল ধোঁৱাচাঙত উঠা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিলাসীপাৰা মহকুমাৰ জনসংযোগ বিষয়া স্নিগ্ধাৰাণী দাসে বীৰছা মুণ্ডা ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত প্ৰৱেশ-পত্ৰ অবিহনে ৰাজপত্ৰিত বিষয়াক সভাস্থলীত প্ৰৱেশ কৰিবলৈ নিদিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।