Page Nav

HIDE

বিশিষ্ট শিক্ষাবিদ, ক্ৰীড়া সংগঠক বীৰেন্দ্ৰ কুমাৰ গগৈ কভিড আক্ৰান্ত হৈ মৃত্যুঃ মৰাণত শোকৰ ছাঁ‌

২ ঘণ্টাৰ বাবে মৰাণৰ ব্যৱসায়ী প্ৰতিষ্ঠান স্বতঃস্ফূৰ্ত বন্ধ গণ বাৰ্তা, মৰাণ, ১৮ ছেপ্টেম্বৰ : বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুৰঞ্জীবিদ, ক্ৰীড়া...

২ ঘণ্টাৰ বাবে মৰাণৰ ব্যৱসায়ী প্ৰতিষ্ঠান স্বতঃস্ফূৰ্ত বন্ধ

গণ বাৰ্তা, মৰাণ, ১৮ ছেপ্টেম্বৰ : বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, বুৰঞ্জীবিদ, ক্ৰীড়া সংগঠক, সমাজকৰ্মী তথা মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, মৰাণ ঊষাপুৰ নিবাসী বীৰেন্দ্ৰ কুমাৰ গগৈ ৮৫ বছৰ বয়সত ক’ভিড-১৯ত আক্ৰান্ত হৈ আজি পুৱতি নিশা ১-৪৫ বজাত নিজা বাসভৱনত মৃত্যু হয়। “কুৰি শতিকাৰ মৰাণ” গ্ৰন্থৰ স্ৰষ্টা গগৈ নাজিৰাৰ হাঁহচৰা ষাঠিপতীয়া গাঁৱত ১৯৩৫ চনৰ ১৩ মাৰ্চত জন্ম হয়৷ প্ৰয়াত প্ৰতাপ চন্দ্ৰ গগৈ আৰু প্ৰয়াত পূণেশ্বৰী গগৈৰ জ্যেষ্ঠ সন্তান বীৰেন্দ্ৰ কুমাৰ গগৈ ক্ৰমে মৰাণ আদৰ্শ প্ৰাথমিক বিদ্যালয়, মৰাণ বৰডবা হাইস্কুল, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়, কটন কলেজত উচ্চ শিক্ষা সমাপ্ত কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ আৰু বি এড শিক্ষা গ্ৰহণ কৰে৷ তেখেতে ১৯৫৯ চনত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক পদত যোগদান কৰি ৩২ বছৰ শিক্ষকতা কৰাৰ পাছত ১৯৯১ চনত অধ্যক্ষ পদত অধিস্থিত হয়৷ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি থাকোতেই ১৯৯৫ চনৰ ৩১ ডিচেম্বৰত তেখেতে অৱসৰ গ্ৰহণ কৰে৷ তেখেতে মৰাণ নাট্য সমাজৰ ১৭ বছৰ সভাপতি, মৰাণ নগৰ কৰদাতা সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক, চৰাইদেউ জিলা ক্ৰীড়া সন্থা আৰু মৰাণহাট ক্ৰীড়া সন্থাৰ উপদেষ্টা আৰু অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ ফুটবল, ক্ৰিকেট আৰু কেৰম খেলত ৰাজ্যক প্ৰতিনিধিত্ব কৰা বীৰেন্দ্ৰ গগৈয়ে বিভিন্ন বিষয়ক শতাধিক প্ৰৱন্ধ লিখাৰ উপৰিও ৰস-ৰচনা, চুটি গল্প লিখি সাহিত্যিক হিচাপে পৰিচয় দিছিল৷ কুৰিৰোধিক নাটকত অভিনয কৰা গগৈয়ে সাংবাদিকতাও কৰিছিল৷ ১৯৬৭ চনত ডালিমী গগৈৰ স’তে সাংসাৰিক জীৱন আৰম্ভ কৰা গগৈয়ে মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ-বোৱাৰী, দুই কন্যা- জোঁৱাই, নাতি-নাতিনীসহ আত্মীয় – কুটুম্বক ইহসংসাৰত এৰি যায়৷ ঊষাপুৰস্থিত বাসগৃহ সন্মুখত আজি পুৱা এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত মৰাণৰ বিভিন্ন দল সংগঠনে বিশিষ্ট শিক্ষাবিদ জনৰ প্ৰতিচ্ছবিত শেষ শ্ৰদ্ধাঞ্জলী জনায়। ইফালে মৰাণ ব্যৱসায়ী সন্থাই বিশিষ্ট শিক্ষাবিদ জনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মৰাণৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান ১২ বজাৰ পৰা ২ বজালৈ ২ ঘন্টা স্বতঃস্ফূৰ্ত বন্ধ ৰাখি তেখেতৰ আত্মাৰ সদগতি কামনা কৰে।শিক্ষাবিদজনৰ মৃত্যুত অসম চৰকাৰৰ ৰাজহ,দুৰ্য্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনৰ লগতে মৰাণ সমষ্টি বিধায়ক চক্ৰধৰ গগৈয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। তেখেতৰ মৃত্যুত মৰাণ আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক, মৰাণ মহকুমা সাংবাদিক মঞ্চ, মৰাণ প্ৰেছ ক্লাৱ, মৰাণহাট প্ৰেছ ক্লাৱ, টাইপাৰ মৰাণ আঞ্চলিক, আটাছু, আছা, আটছা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, আহোম জাতীয় গণ মঞ্চ, মৰাণ উচ্ততৰ মাধ্যমিক বিদ্যালয়, মৰাণ মহাবিদ্যালয়, মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, মৰাণ শাখা সাহিত্য সভা, মৰাণ জ্যেষ্ঠ নাগৰিক সন্মিলন, মৰাণ লেখিকা সমাজ আদিযে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বিয়লি চৰাইদেউ জিলাৰ লাকুৱা মাইবেলাস্থিত ক’ভিড শ্মশানত প্ৰশাসনৰ উদ্যোগত পৰিয়ালৰ লোকৰ উপস্থিতিত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়৷