Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঋন লওঁতালৈ তিনি মাহৰ সকাহ ৰিজাৰ্ভ বেংকৰ

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক সামাজিক দূৰত্ব বজাই ৰখাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকে ভাৰতত ২১দি...

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক সামাজিক দূৰত্ব বজাই ৰখাৰ উদ্দেশ্যেৰে প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকে ভাৰতত ২১দিনৰ তলাবন্ধ ঘোষণাৰ তৃতীয় দিনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে ঘোষণা কৰে যে বেংকৰ ৰেপুৰেট দৰ ০.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। আজি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ গৰাকীয়ে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে ৰেপুৰেটৰ দৰ ০.৭৫ শতাংশ হ্ৰাস কৰি ৪.৪ শতাংশ কৰা হৈছে।

ইয়াৰ পূৰ্বে ৰেপুৰেটৰ দৰ আছিল ৫.১৫ শতাংশ। সুদীৰ্ঘ ১৫ বছৰৰ ভিতৰত ৰিজাৰ্ভ বেংকে প্ৰথমবাৰ ৪.৪ শতাংশলৈ ৰেপুৰেটৰ দৰ কৰিছে। উল্লেখ্য যে ৰেপুৰেট দৰ হৈছে সেই দৰ যিয়ে ৰিজাৰ্ভ বেংকে অন্য বাণিজ্যিক বেংকসমূহক নগদ অথবা ঋণ দিয়ে। ইয়াৰ উপৰি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ গৰাকীয়ে দেশৰ বেংক সমূহৰ নগদ জমাপঞ্জী ৩ শতাংশ কৰাৰ ঘোষণা কৰিছে। ২৮ মাৰ্চৰ পৰা এই নিৰ্দেশনা এবছৰলৈ বলবৎ হ’ব দেশৰ বেংকসমূহত।

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ গৰাকীয়ে নগদ জমাপঞ্জীৰ ১০০ বেছিক পইণ্ট হ্ৰাস কৰি ৩শতাংশ কৰাৰ ঘোষণা কৰে। তেওঁ কয় কোৰোনা ভাইৰাছৰ প্ৰকোপে দেশৰ অৰ্থব্যৱস্থাত যি প্ৰভাৱ পেলাইছে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনে দৰ সমূহ হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰি তেওঁ কয় অহা ৩ মাহলৈ বেংকৰ ঋণ ধাৰকসকলে ইএমআই পৰিশোধ কৰিব নোৱাৰিলেও কোনো ধৰণৰ মাচুল কৰ্তন নকৰে।

অৰ্থাৎ যিসকলে অহা তিনিমাহলৈ ইএমআই পৰিশোধ কৰিব নোৱাৰে তেওঁলোকে বেংকত অতিৰিক্ত মাচুল পৰিশোধ কৰিব নালাগে। উল্লেখ্য যে যদি কোনো ঋণ লওতাই ইএমআই পৰিশোধ কৰিব পাৰে তেন্তে ঋণ দিওতা বেংকসমূহে ইএমআই কৰ্তন কৰি থাকিব। নোৱাৰিলেও কোনো চিন্তাৰ কাৰণ নাই অহা তিনিমাহলৈ ঋণ লওতাৰ। এককথাত আজি ঋণ লওতাসকলক সামান্য সকাহ দিছে ৰিজাৰ্ভ বেংকে।

No comments