Page Nav

HIDE

কৰিমগঞ্জত ৰাজ্যত প্ৰথমজন কোৰানা আক্ৰান্তঃ দিল্লীলৈ গৈছিল ৫২ বছৰীয়া লোকজন

 ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি কোৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে ভাইৰাছমুক্ত হৈ আছিল অসম। কিন্তু আজি অশমত প্ৰথমজন কোৰোনা ৰোগী ধৰা পৰা...

 ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি কোৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে ভাইৰাছমুক্ত হৈ আছিল অসম। কিন্তু আজি অশমত প্ৰথমজন কোৰোনা ৰোগী ধৰা পৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি ছেপা উত্তেজনা অব্যাহত আছে। কৰিমগঞ্জত ৫২ বছৰীয়া এজন লোকৰ শৰীৰত কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে সমগ্ৰ বৰাক উপত্যকাকে ধৰি বৰাক উপত্যকাকে ধৰি সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা অনুসৰি কৰ্কটৰোগত আক্ৰান্ত লোকজনক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰাই নমুনা সংগ্ৰহ কৰা হৈছিল আৰু পৰীক্ষাৰ বাবে পুনেত অৱস্থিত নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজিত প্ৰেৰণ কৰা হৈছিল। পুনেস্থিত প্ৰতিষ্ঠানটোৱে কোৰোনা ভাইৰাছ থকাটো নিশ্চিত কৰাৰ পিছতে এতিয়া সৰ্বত্ৰে আতংকৰ সৃষ্টি হৈছে। কিয়নো যোৱা ১১মাৰ্চত দিল্লীলৈ গৈ তবলিকত থকা লোকজনে ১৮মাৰ্চত অসমলৈ ঘূৰি আহিছিল আৰু হাতীগাঁৱত থাকি কৰিমগঞ্জলৈ ৰাওনা হৈছিল।

উল্লেখ্য যে কোৰোনা ভাইৰাছ আক্ৰান্ত এজন ব্যক্তিৰ পৰা ক্ষিপ্ৰতাৰে অইন ব্যক্তিলৈ এই ভাইৰাছ সংক্ৰমিত হয়। এজন ব্যক্তিয়ে নিমিষতে হাজাৰ হাজাৰ লোকলৈ এই ৰোগ বিয়পাব পাৰে। তেনে সময়ত যাত্ৰা পথত বিভিন্ন লোকৰ সৈতে সংস্পৰ্শলৈ আহিছিল ব্যক্তিজন। ইতিমধ্যে স্বাস্থ্যবিভাগে লোকজনৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। আজি স্বাস্থ্যমন্ত্ৰীয়ে টুইটাৰ যোগে ৰাজ্যত কোৰোনা আক্ৰান্ত ধৰা পৰা সন্দৰ্ভত স্থিতি স্পষ্ট কৰি নিশ্চিত কৰে। এক বিশ্বস্ত সূত্ৰে জানিব পৰা অনুসৰি লোকজন ইছলামধৰ্মৰ তবলিকৰ সদস্য আৰু বিভিন্ন ঠাইত সভা-সমিতিৰ যোগেদি ধৰ্মপ্ৰচাৰত জড়িত থাকে।