Page Nav

HIDE

দিল্লীৰ ধৰ্মীয় অনুষ্ঠানকলৈ এতিয়া দেশজুৰি জোকাৰণি

  দৈনিক গণঅধিকাৰঃ   মাৰাত্মক কোৰোনা ভাইৰাছে বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে অইন দেশৰ লগতে ভাৰ...

 দৈনিক গণঅধিকাৰঃ  মাৰাত্মক কোৰোনা ভাইৰাছে বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে অইন দেশৰ লগতে ভাৰতবৰ্ষতো ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। লকডাউন মানিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে কাতৰ আহবান জনাইছিল। সামাজিক দূৰত্ব বজাই ৰাখি মাৰাত্মক কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাহিৰে আন কোনো বিকল্প পথা নাই। সেয়ে এনে ভাইৰাছ ৰোধৰ বাবে মোদীয়ে যি লকডাউন ঘোষণা কৰিছিল সেয়া বিভিন্ন প্ৰান্তত অমান্য কৰি ৰাজপথলৈ ওলাই অহা লোকসকলক আৰক্ষী প্ৰশাসনে লাঠিচালনা কৰাৰ মাজতে শেহতীয়াকৈ চৰ্চালৈ আহিছে দিল্লীৰ নিজামুদ্দিনৰ তবলিগি জামাতৰ মুখ্য কাৰ্যালয়ত আবদ্ধ হৈ থকা দুই সহস্ৰাধিক লোক।

তবলিগি জামাতৰ মুখ্য কাৰ্যালয়ত আবদ্ধ হৈ থকা লোকসকলৰ ভিতৰত ইতিমধ্যে ২৪জন লোকৰ দেহত মাৰাত্মক কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। সম্পূৰ্ণৰূপে আইন অমান্য কৰি এনেদৰে সামাজিক দূৰত্বৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজামুদ্দিনৰ তবলিগি জামাতত অংশগ্ৰহণ কৰা দুই সহস্ৰাধিক লোকক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে প্ৰায় এহেজাৰ লোক বিভিন্ন প্ৰান্তলৈ ৰাওনা হৈছে। কালি নিশাৰ ভাগত আৰক্ষী প্ৰশাসনে তবলিগি জামাতৰ কাৰ্যালয়ৰ পৰা ১৩০০ লোকক উদ্ধাৰ কৰে।

ইয়াৰে তিনিশ লোকক চিকিৎসালয়ত ভৰ্তি কৰাৰলগতে এহেজাৰ লোকক আচুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে। যি কি নহওক এনেদৰে তবলিগি জামাতৰ মুখ্য কাৰ্যালয়ত আবদ্ধ হৈ থকা দেশ-বিদেশৰ সহস্ৰাধিক লোকক লৈ এতিয়া সৰ্বত্ৰে জোকাৰণিৰ সৃষ্টি হৈছে। তবলিগি জামাতত অংশগ্ৰহণ কৰা অধিকাংশ লোকে কাহ-জ্বৰত আক্ৰান্ত হৈছে। যি সময়ত কোৰোনা ভাইৰাছক লৈ বিশ্বজুৰি সন্ত্ৰাসৰ কাৰক হৈ পৰিছে তেনে সময়তে তবলিগি জামাতৰ মুখ্য কাৰ্যালয়ত এনেদৰে ধৰ্মীয় অনুষ্ঠানৰ নামত সহস্ৰাধিক লোকে জুম হৈ থকাৰ বিষয়টোয়ে এতিয়া দেশজুৰি তোলপাৰ লগাইছে।

দেশ-বিদেশৰ বিভিন্ন লোকৰ সমান্তৰালকৈ উক্ত তবলিগি জামাতত অংশগ্ৰহণ কৰিছিল অসমৰ ২১৬গৰাকী ব্যক্তিয়ে। মন্ত্ৰী পীযুয হাজৰিকাই এই কথা ঘোষণা কৰে। তবলিগি জামাতত অংশগ্ৰহণ কৰা অসমৰ লোকসকল স্ব-গৃহলৈ ঘূৰি আহিছে নে নাই সেয়া কোনো নিশ্চিত তথ্য লাভ কৰা নাই যদিও সেই লোকসকলৈ এতিয়া আতংক বৃদ্ধি পাইছে। জানিব পৰা মতে নগাঁও জিলাৰ ২৮গৰাকী ব্যক্তিয়ে তবলিগি জামাতত অংশগ্ৰহণ কৰাৰ লগতে বিশ্বনাথ চাৰিআলিৰ সাতগৰাকী ব্যক্তি, শিৱসাগৰৰ ৫০গৰাকী ব্যক্তি, শিলচৰৰ ১২গৰাকী, ধুবুৰীৰ ৩৫গৰাকী, কাচাৰৰ আঠগৰাকী, মৰিগাঁৱৰ ৫৩গৰাকী, ডিব্ৰুগড়ৰ দুগৰাকী ব্যক্তিৰ লগতে বিবিন্ন জিলাৰ কেবাগৰাকী ব্যক্তি তবলিগি জামাতত অংশগ্ৰহণ কৰিছিল। মাৰাত্মক কোৰোনা ভাইৰাছে যি সময়ত সংহাৰী ৰূপ ধাৰণ কৰিছে তেনে সময়তে তবলিগি জামাতৰ পৰা অংশগ্ৰহণকৰা লোকসকল এতিয়া ক’ত আছে সেই লৈ এতিয়া বিশেষ আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে তবলিগি জামাতত অংশগ্ৰহণ কৰা লোকসকলৰ ভিতৰত দহজন ব্যক্তিয়ে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে। ইয়াৰে ছগৰাকী ব্যক্তি তেলেংগানাৰ।

মোদী চৰকাৰৰ লকডাউন ঘোষণা কৰাৰ পিছতো এনেদৰে তবলিগি জামাতত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা বিষয়টোক লৈ এতিয়া দিল্লী চৰকাৰ জাঙুৰ খাই উঠিছে। কেজৰিৱাল চৰকাৰে তবলিগি জামাত কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে। আনহাতে তবলিগি জামাত কতৃÇপক্ষই সমষ্ট বিষয়টো জিলা প্ৰশাসনক অৱগত কৰিছে বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে। প্ৰশাসনে সমষ্ট বিষয়টোক লৈ অৱগত আছিল বুলিও তবলিগি জামাত কৰ্তৃপক্ষই দাবী উত্থাপন কৰিছে। যি কি নহওক কালি নিশাৰ ভাগত এনেদৰে তবলিগি জামাতৰ মুখ্য কাৰ্যালয়ৰ পৰা সহস্ৰাধিক লোকক উদ্ধাৰ কৰা বিষয়টোৱে এতিয়া চৰ্চা লাভ কৰিছে।

শিৱসাগৰ জিলাৰ পৰা অংশগ্ৰহণ কৰা কিছুসংখ্যক লোক উত্তৰ প্ৰদেশত আবদ্ধ হৈ আছে বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে নিজামুদ্দিনস্থিত বাংলীৱালী মছজিদৰ পৰাই তবলিগ জামাতৰ কাম-কাজ নিয়ন্ত্ৰণ কৰা হয়। দেশ-বিদেশৰ পৰা সহস্ৰাধিক লোকে উক্ত স্থানত উপস্থিত হয়।

প্ৰতি বছৰে এটা সময়ত এক ধৰ্মীয় অনুষ্ঠানৰ বাবে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। এইবাৰো সেই ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হৈছিল। জানিব পৰা মতে তবলিগি জামাতত আন্দামাৰ ২১, অসমৰ ২১৬, বিহাৰৰ ৮৬, হাৰিয়ানাৰ ২২, হিমাচল প্ৰদেশৰ ১৫, হায়দৰাবাদৰ ৫৫, কৰ্ণাটকৰ ৪৫, কেৰালাৰ ১৫, মহাৰাষ্ট্ৰৰ ১০৯, মেঘালয়ৰ ৫, মধ্যপ্ৰদেশৰ ১০৭, উড়িষাৰ ১৫, পঞ্জাবৰ ৯, ৰাজস্থানৰ ১৯, ৰাঁচীৰ ৪৬, তামিলনাডুৰ ৫০১, উত্তৰাখণ্ডৰ ৩৪, উত্তৰ প্ৰদেশৰ ১৫৬, পশ্চিমবংগৰ ৭৩ আৰু বহিঃৰাষ্ট্ৰৰ ২৮১ লোকে অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণ কৰা লোকৰ আধা অংশ লোকে ইতিমধ্যে ঘৰমুৱা হৈছে। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা দহজনকৈ লোকে কোৰোনাত মৃত্যু হোৱাৰ লগতে ২৪জনকৈ লোকৰ দেহত মাৰাত্মক কোৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা বিষয়টোৱে এতিয়া জটিলতাৰ সৃষ্টি কৰিছে।

অসমৰ লোকসকল ক’ত আছে সেই লৈ এতিয়া শংকিত হৈ পৰিবলগীয়া হৈছে চৰকাৰ। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰা অসমৰ লোকসকলক লৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আহবান জনাই কয় যে দিল্লীৰ হজৰত নিজামুদ্দিনৰ তবলিগি জামাতত ধৰ্মীয় অনুষ্ঠানত অসমৰ পৰা যদি কোনোৱে অংশগ্ৰহণ কৰিছিল তেনে ব্যক্তিয়ে সমীপৰ চৰকাৰী চিকিৎসালয়ক অৱগত কৰে যেন। আনকি তেওঁলোকে ১০৪ নম্বৰত ফোন কৰিও বিষয়টো অৱগত কৰিবলৈ আহবান জনাইছে